‘দুৰ্নীতিপৰায়ণ সকলহে গৈছে, কংগ্ৰেছ দলৰ একো ক্ষতি নহয়’

ভুৱনেশ্বৰ কলিতাই দলত্যাগ কৰিব বুলি আমি ভবা নাছিলোঃ প্ৰদ্যুত্‍ বৰদলৈ

News18-Assam
Updated:August 15, 2019, 3:22 PM IST
‘দুৰ্নীতিপৰায়ণ সকলহে গৈছে, কংগ্ৰেছ দলৰ একো ক্ষতি নহয়’
Source-Google
News18-Assam
Updated: August 15, 2019, 3:22 PM IST
নীলোৎপল বৰা: কংগ্ৰেছদলৰ একাংশ জ্যেষ্ঠ নেতাই দলত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সম্পৰ্কত এইবাৰ মুখ খুলিছে নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। নগাওঁত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শেহতীয়াকৈ কংগ্ৰেছ দলত হোৱা খহনীয়াৰ সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "কংগ্ৰেছৰ দিনত দূৰ্নীতিত লুতুৰি পুতুৰি নেতা সকলহে এতিয়া বিজেপিমুখী হৈছে। তেঁওলোকৰ দলত্যাগে কংগ্ৰেছক কোনো ক্ষতি নকৰে। অৱশ্যে ভূৱনেশ্বৰ কলিতাই দলত্যাগ কৰিব বুলি আমি ভবা নাছিলো"

উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ সাংসদ ৰূপে নিৰ্বাচিত হোৱা প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সপত্নীক অংশগ্ৰহণ কৰা দেখা গ'ল।
আৰু চাওক পৰৱৰ্তী বাতৰি