প্ৰবীণ সাংবাদিক ভৱেশ বৰুৱা আৰু নাই। চিৰ তৰুণ হৈ থাকিব খোজা মানুহগৰাকীয়ে বাৰ্ধক্যৰ ওচৰত হাৰ মানিছে। চাৰি দশকৰো অধিক সময় গ্ৰাম্য সাংবাদিকৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজ দি অহা বৰুৱাই যোৱানিশা প্ৰায় ১২.৩০ বজাত নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে।
মহানগৰীৰ আজাৰা ডেকাপাৰাৰ বাসিন্দা ৮৫ বছৰীয়া ভৱেশ বৰুৱা বাৰ্ধ্যকজিনত ৰোগত শয্যাগত হৈ আছিল। চাৰি দশকৰো অধিক কাল সাংবাদিকতাৰ উপৰি গ্ৰাম্য সাংবাদিকৰ প্ৰাপ্য অধিকাৰৰ বাবে সমুখৰ পৰা যুঁজ দি আহিছিল।
আনহাতে ভৱেশ বৰুৱা আপকু ( ALL ASSAM PRESS COROSPONDENC UNION)ৰ প্ৰতিষ্ঠাপক আছিল । স্থিতপ্ৰজ্ঞৰ দৰে তেওঁ কেৱল কাম কৰি গৈছিল। ৰজাঘৰীয়াৰ ওচৰত হয়তো ভৱেশ বৰুৱাৰ দৰে ত্যাগী মানুহৰ পৰিচিতিয়েই নাই।
চৰকাৰে জ্যেষ্ঠ সাংবাদিকক প্ৰদান কৰা পেঞ্চন নিজে গ্ৰহণ নকৰি আন সাংবাদিকক উছৰ্গা কৰিছিল বৰুৱাই । গ্ৰাম্য সাংবাদিকতাৰ প্ৰাপ্য অধিকাৰৰ বাবে মাত মাতি অহা বৰুৱাদেৱৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|