জুবিন–বৰষা নহয় কংগ্ৰেছ–AIUDFৰ ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব সাংবাদিক অজিত কুমাৰ ভূঞা

News18 Assam | News18-Assam
Updated:March 6, 2020, 5:07 PM IST
জুবিন–বৰষা নহয় কংগ্ৰেছ–AIUDFৰ ৰাজ্যসভাৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব সাংবাদিক অজিত কুমাৰ ভূঞা
ফাইল ফটোঃইণ্টাৰনেট

অজিত কুমাৰ ভূঞাৰ লগতে বি পি এফৰ বিশ্বজিৎ দৈমাৰী আৰু কাজি নেকিব আহমেদে আজি সংগ্ৰহ কৰিলে মনোনয়ন ৷ জনালে অসমৰ ৰাজ্য সভা নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া অমৰেন্দ্ৰ ডেকাই ৷

  • Share this:
ৰাজ্যসভাৰ বিৰোধীৰ প্ৰাৰ্থী হ’ব জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা। কংগ্ৰেছ আৰু এআইইউডিএফ সমৰ্থিত প্ৰাৰ্থী হ’ব পাৰে অজিত কুমাৰ ভূঞা। জ্যেষ্ঠ সাংবাদিকজনে  আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে। ৰাজ্য সভাৰ বাবে আজি তিনিজনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ ৷ উল্লেখযোগ্য যে আজি অজিত কুমাৰ ভূঞাৰ লগতে বি পি এফৰ বিশ্বজিৎ দৈমাৰী আৰু কাজি নেকিব আহমেদে সংগ্ৰহ কৰিলে মনোনয়ন ৷ জনালে অসমৰ ৰাজ্য সভা নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া অমৰেন্দ্ৰ ডেকাই ৷

উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উল্লেখ কৰিছে যে,  অজিত কুমাৰ ভূঞা ৰাজ্যসভাৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’লে আপত্তি নাই কংগ্ৰেছৰ। গগৈয়ে কয়, AIUDF–এ সমৰ্থন দিলেই হ'ল ৷ একালৰ সতীৰ্থ তথা বিজেপিৰ জ্যেষ্ঠ মন্ত্ৰী হিমন্ত বিশ্বক কটাক্ষ কৰি গগৈয়ে কয়, এইবাৰ কাম নিদিয়ে হিমন্তৰ হৰ্ছ ট্ৰেডিঙে!

প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ইয়াৰ পূৰ্বে ‘কা’ বিৰোধী আন্দোলনৰ দায়িত্ব লোৱা যিকোনো এখন মুখক ৰাজ্যসভালৈ আগবঢ়াই দিয়াৰ প্ৰস্তাৱ দিছিল। এইক্ষেত্ৰত নাম উচ্চাৰিত হৈছিল জুবিন গাৰ্গ, বৰষা ৰাণী বিষয়া প্ৰমুখ্যে কেইবাজনো লোকৰ।
Published by: Tulika Devi
First published: March 6, 2020, 4:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি