আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় জ্যেষ্ঠ আইএএছ বিষয়া ৰাজেশ প্ৰসাদৰ। প্ৰয়াত প্ৰসাদৰ পুত্ৰই শেষকৃত্য সম্পন্ন কৰে পিতৃৰ।
ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় অসমৰ প্ৰধান সচিবৰ (principal secretary of the Assam government) দায়িত্বত থকা বিষয়াগৰাকীৰ। নৱগ্ৰহ শ্মশানলৈ নিয়াৰ পূৰ্বে অসম সচিবালয়ত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী আৰু জ্যেষ্ঠ আমোলা বিষয়াসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধান সচিবগৰাকীৰ নিথৰ দেহত।
৫২ বছৰীয়া ৰাজেশ প্ৰসাদৰ (IAS Rajesh Prashad) দেওবাৰে গুৱাহাটীৰ স্বাগত ছুপাৰ স্পেচিয়েলিটি চাৰ্জিকেল হাস্পতালত দেহাৱসান ঘটে। ২২ জুলাইৰ পৰা তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। কোভিড সম্পৰ্কীয় জটিলতাৰ বাবে মৃত্যুবৰণ কৰে বুলি চিকিৎসকে অভিহিত কৰে।
দেওবাৰে আবেলি প্ৰায় ২:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিষয়াগৰাকীয়ে। প্ৰসাদ ১৯৯৫ চনৰ বেচৰ মেঘালয় কেডাৰ আছিল। সোমবাৰে নৱগ্ৰহ শ্মশানত জ্যেষ্ঠ আই এ এছ বিষয়াসকলৰ লগতে ডি জি পি, উপায়ুক্তকে ধৰি গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিষয়াগৰাকীক।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|