উপ-নিৰ্বাচনত ৪টা সমষ্টিতে কংগ্ৰেছ প্ৰাৰ্থীৰ জয় নিশ্চিত, দাবী হৰিশ ৰাৱটৰ

সংবাদমেলত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী জনাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

News18-Assam
Updated:October 16, 2019, 1:01 PM IST
উপ-নিৰ্বাচনত ৪টা সমষ্টিতে কংগ্ৰেছ প্ৰাৰ্থীৰ জয় নিশ্চিত, দাবী হৰিশ ৰাৱটৰ
সংবাদমেলত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী জনাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।
News18-Assam
Updated: October 16, 2019, 1:01 PM IST
বিপুল বৰ্মন : অসমৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ৪টা সমষ্টিতে কংগ্ৰেছ প্ৰাৰ্থী জয় নিশ্চিত। ৰাজীৱ ভৱনত সংবাদ মেল অনুষ্ঠিত কৰি এই দাবী কৰিলে অসম কংগ্ৰেছৰ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱটে। বিজেপিৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে কংগ্ৰেছে ১৫ নৱেম্বৰত প্ৰতিবাদ কৰিব বুলি কয় হৰিশ ৰাৱাটে।

সংবাদমেলত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী জনাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। নুমলীগড় তেল শোধনাগাৰক ব্যক্তিগতকৰণৰ বিৰুদ্ধে, ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা ওভতাই দিয়াৰ দাবীত নতুন দিল্লীতো প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰে হৰিশ ৰাৱটে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি