নতুন দিল্লীৰ এটা নৱগঠিত অধিবক্তাৰ সংগঠনে উচ্চতম ন্যায়ালয়ৰ CAA বিৰোধী গোচৰত জ্যেষ্ঠ, অভিজ্ঞ অধিবক্তা নিয়োগ কৰাৰ কাৰণে অসমীয়াৰ পক্ষত নিৰ্দেশ পোৱাৰ কার্যক স্বাগতম জনাইছে উপমন্যু হাজৰিকাই।
বুধবাৰৰ CAA শুনানিত Advocates Association for Indigenous Rights of Assamese নামৰ সংগঠনটোৱে নিয়োগ কৰিছিল জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙক। তেওঁৰ যুক্তিৰ ভিত্তিতে অসম আৰু ত্ৰিপুৰাৰ আবেদনসমূহ পৃথকে বিবেচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে।
জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই অসমৰ কাৰণে সবল যুক্তি দৰ্শোৱাৰ কাৰণে বিকাশ সিং আৰু শ্যাম দেৱানৰ শলাগ লয়। জ্যেষ্ঠ অধিবক্তা শ্যাম দেৱানে প্ৰতিনিধিত্ব কৰিছিল অসম সন্মিলিত মহাসংঘক।
‘অসমৰ জলন্ত সমস্যা এটাৰ সৰ্বোচ্চ ন্যায়ালয়ত আইনী যুঁজ চলোৱাৰ দাবী কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি শুনানিৰ সময়ত অসমৰ আবেদনকাৰীয়ে শ্ৰেষ্ঠ অধিবক্তা নিয়োগ নকৰাৰ কাৰ্য দুখ জনক’ – মন্তব্য উপমন্যু হাজৰিকা।
NRCৰ গোচৰৰ সময়তো গোচৰীয় পক্ষই জ্যেষ্ঠ অধিবক্তা নিয়োগ নকৰাৰ কাৰণে বহু সময়ত অসমীয়াৰ পক্ষত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা নিৰ্দেশ অহা নাছিল বুলিও অভিযোগ কৰে হাজৰিকাই।
আনহাতে বিকাশ সিঙে জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংভীৰ বিৰুদ্ধে অনা অভিযোগ খণ্ডন কৰে অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
জ্যেষ্ঠ অধিবক্তা দুগৰাকীয়ে শুনানিত পোনতে আইনখন সম্পূৰ্ণৰূপে স্থগিত কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু মুখ্য ন্যায়াধীশে কেন্দ্ৰীয় চৰকাৰৰ ভাষ্য গ্ৰহণ নকৰাকৈ তেনে কৰিবলৈ অমান্তি হোৱাত অধিবক্তাদ্বয়ে অন্তত নাগৰিকত্বৰে জড়িত আইনী প্ৰশ্নসমূহৰ সিদ্ধান্ত নোহোৱালৈ কিছু মাহৰ কাৰণে আইনখনৰ কাৰ্যকৰীকৰণ স্থগিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে বুলি মন্তব্য কৰে শইকীয়াই।
ছিবাল আৰু সিংভীয়ে বিকাশ সিঙে স্থগিতাদেশ বিচৰাৰ সময়ত ইয়াৰ বিৰোধিতা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল স্বয়ং সিঙে। তেওঁলোকৰ এই আচৰণ ৰাজনৈতিক উদ্দেশ্যেপ্ৰণোদিত বুলিও কৈছিল সিঙে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|