• Home
  • »
  • News
  • »
  • assam
  • »
  • আপোনাৰ অঞ্চলৰ সমস্যাক লৈ দুই মিনিটৰ ভিডিঅ' প্ৰেৰণ কৰক আৰু আইফোন পৰ্যায়ৰ উপহাৰ লাভ কৰক!

আপোনাৰ অঞ্চলৰ সমস্যাক লৈ দুই মিনিটৰ ভিডিঅ' প্ৰেৰণ কৰক আৰু আইফোন পৰ্যায়ৰ উপহাৰ লাভ কৰক!

নিজ নিজ অঞ্চলৰ সা-সমস্যাক দাঙি ধৰি ৰাইজে দুই মিনিটৰ একোটা ভিডিঅ’ প্ৰেৰণ কৰিব পাৰিব প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীলৈ৷

নিজ নিজ অঞ্চলৰ সা-সমস্যাক দাঙি ধৰি ৰাইজে দুই মিনিটৰ একোটা ভিডিঅ’ প্ৰেৰণ কৰিব পাৰিব প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীলৈ৷

নিজ নিজ অঞ্চলৰ সা-সমস্যাক দাঙি ধৰি ৰাইজে দুই মিনিটৰ একোটা ভিডিঅ’ প্ৰেৰণ কৰিব পাৰিব প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীলৈ৷

  • Share this:
বিধানসভাৰ নিৰ্বাচনলৈ মাজত এটা মাহ বাকী থকাৰ সময়ত প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰি দিলে ডিজিটেল নিৰ্বাচনী প্ৰচাৰ৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈয়ে মুকলি কৰে 'অসম বচাওঁ আহক' শীৰ্ষক এক ৱেবছাইটৰ৷ গৌৰৱ গগৈয়ে ক'লে - ৰাইজে বিচৰা মতে কংগ্ৰেছে ইস্তাহাৰ প্ৰস্তুত কৰিব আৰু তাক চৰকাৰ গঠনৰ পাছত ৰূপায়ণ কৰিব৷

উখল–মাখল ৰাজীৱ ভৱন৷ নিৰ্বাচনলৈ মাজত মাথোঁ এটা মাহ৷ সেয়ে ৰাজীৱ ভৱনলৈ তাত-বাতি কাঢ়িবলৈ আৰম্ভ কৰিছে টিকট প্ৰত্যাশীয়ে৷ ইপিনে ইস্তাহাৰ প্ৰস্তুতত ব্যস্ত ইস্তাহাৰ কমিটীৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈ৷ মঙলবাৰে গৌৰৱ গগৈয়ে ইস্তাহাৰ কমিটীৰ অধ্যক্ষ হিচাপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সৈতে প্ৰথমখন সংবাদমেল আয়োজন কৰে৷ এই সংবাদমেলত মুকলি কৰে 'অসম বচাওঁ আহক' শীৰ্ষক এক ৱেবছাইটৰ৷ ডিজিটেল প্ৰচাৰৰ অংশ হিচাপে প্ৰদেশ কংগ্ৰেছে বিচাৰিছে ৰাইজৰ পৰা পৰামৰ্শ৷

নিজ নিজ অঞ্চলৰ সা-সমস্যাক দাঙি ধৰি ৰাইজে দুই মিনিটৰ একোটা ভিডিঅ’ প্ৰেৰণ কৰিব পাৰিব প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ কমিটীলৈ৷ সেই হিচাপত উত্তম ভিডিঅ’ প্ৰেৰণ কৰা ব্যক্তিলৈ আগবঢ়াব আইফোন পৰ্যন্ত পুৰস্কাৰ৷

ৰাইজৰ পৰামৰ্শমতে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ সাজু হোৱা গৌৰৱ গগৈয়ে BJP চৰকাৰক সমালোচনা কৰি কয় যে BJP চৰকাৰে ৰাইজৰ কণ্ঠৰুদ্ধ কৰিছে৷ গৌৰৱ গগৈয়ে ক'লে- “এই কেম্পইনৰ জৰিয়তে অসমৰ মানুহৰ বাক্ স্বাধীনতা উদ্ধাৰ কৰিব বিচৰা হৈছে৷ BJP চৰকাৰে কাৰো কথা শুনিব নিবিচাৰে৷ ৰাইজে কাৰো বিৰুদ্ধে কথা ক'ব নোৱাৰে আজিৰ সময়ত৷ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা ক'লে চৰকাৰৰ সা-সুবিধাসমূহ কৰ্তন কৰা হয়৷ আমাক ভোট দিলেও আমি কাম কৰিম৷ যিয়ে নিদিয়ে তেওঁলোকৰ বাবেও কৰিম৷”

মঙলবাৰৰ সংবাদমেলত AICCৰ উত্তৰ-পূবৰ ছচিয়েল মেডিয়াৰ দায়িত্বত থকা তত্ত্বাৱধায়ক প্ৰণৱ অৱছাৰাজিমিয়ে অহংকাৰী চৰকাৰৰ বিৰুদ্ধে ৰাইজক মাত মাতিবলৈ আহ্বান জনায়৷ AICCৰ ছচিয়েল মেডিয়াৰ উত্তৰ-পূবৰ তত্ত্বাৱধায়ক প্ৰণৱে ক'লে- “সকলো ক্ষেত্ৰতে ৰাইজৰ কণ্ঠৰুদ্ধ কৰিব বিচৰা হৈছে৷ অহংকাৰী চৰকাৰৰ বিৰুদ্ধে ৰাইজে মাত মাতক৷ অসমত ডবল মুখ্যমন্ত্ৰীৰ চৰকাৰ চলিছে৷”
Published by:Sanjay Kumar Das
First published: