মুখ্যপৃষ্ঠা »খবৰ »অসম »G 20 Summit In Assam : গুৱাহাটীত হ'বলগীয়া Y-20 বৈঠকৰ সৈতে সংগতি ৰাখি ধুবুৰীত আলোচনা-চক্ৰ

G 20 Summit In Assam : গুৱাহাটীত হ'বলগীয়া Y-20 বৈঠকৰ সৈতে সংগতি ৰাখি ধুবুৰীত আলোচনা-চক্ৰ

সম্পদৰ ব্যৱহাৰৰ বাবে প্ৰথমে সংৰক্ষণ হ'ব লাগিবঃ সৌম্যদ্বীপ দত্ত

সম্পদৰ ব্যৱহাৰৰ বাবে প্ৰথমে সংৰক্ষণ হ'ব লাগিবঃ সৌম্যদ্বীপ দত্ত

  • Share this:

''সম্পদৰ ধাৰণাতো অতি গুৰুত্বপূৰ্ণ৷ কোনবোৰ প্ৰকৃত সম্পদ আমি জানিব লাগিব৷ সম্পদ ব্যৱস্থাপনাৰ প্ৰথম পদক্ষেপটোৱে হৈছে সম্পদৰ সংৰক্ষণ৷ সম্পদৰ স্থায়ী সংৰক্ষণ হ'ব লাগে৷ সম্পদৰ বাবে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ কৰা দৰকাৰ৷ তাত বহুত সম্পদ আছে৷ যিবোৰৰ ব্যৱহাৰৰ বিষয়ে জানিবলৈ  আমি অধ্যয়ন কৰিব লাগিব, নতুন ধৰণে চিন্তা কৰিব পাৰিব লাগিব৷''


ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত আয়োজিত 'জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু সম্পদ ব্যৱস্থাপনাৰ বিকল্প পদ্ধতিত ইয়াৰ ভূমিকা' শীৰ্ষক বিষয়ৰ এখন আলোচনা-চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি দিয়া ভাষণত পৰিৱেশবিদ, লেখক তথা নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই এইদৰে কয়৷ টকা-পইচা কেতিয়াও সম্পদ হ'ব নোৱাৰে আৰু ই বিনিময়ৰ এক মাধ্যমহে বুলি মন্তব্য কৰি তেওঁ আলোচনা-চক্ৰত উপস্থিত থকা শতাধিক শিক্ষাৰ্থীক উদ্দেশ্যি কয়- 'তোমালোকৰ ওচৰতে থকা সহজে উপলব্ধ সম্পদবিধেই হৈছে তুমি নিজে৷ অধ্যয়ন আৰু নতুন চিন্তাৰে নিজক গঢ়ি তোলা৷'


জি-২০ সন্মিলনৰ অংশ হিচাপে অসমত হ'বলগীয়া য়ুথ-২০ (y-20) বৈঠকৰ সৈতে সংগতি ৰাখি ভোলানাথ কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত আলোচনা-চক্ৰখনত উপস্থিত থকা আনগৰাকী সমল ব্যক্তি বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক তথা গুৱাহাটীৰ বি বৰুৱা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ জগদীন্দ্ৰ ৰয়চৌধুৰীয়ে কয় যে জলবায়ু পৰিৱৰ্তন পৃথিবীৰ সৃষ্টিৰ সময়ৰে পৰা হৈ আহিছে৷ কিন্তু সাম্প্ৰতিক সময়ত মানৱসৃষ্ট কাৰকৰ বাবে হোৱা জলবায়ু পৰিৱৰ্তনে অশনি সংকেট কঢ়িয়াই আনিছে৷


ভাৰত চৰকাৰৰ তথ্যৰ উদ্ধৃতিৰে তেওঁ কয় যে অসমৰ আন পোন্ধৰখন জিলাৰ লগতে ধুবুৰী জিলাও জলবায়ু পৰিৱৰ্তনৰ দিশৰ পৰা অতি স্পৰ্শকাতৰ বুলি বিবেচিত হৈছে৷ আলোচনাচক্ৰখনত ধুবুৰী জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মুঠ ৯খন অধ্যয়নপত্ৰ পাঠ কৰে৷


তেওঁলোকৰ মাজৰে ভোলানাথ কলেজৰ ছাত্ৰী আস্থা বাল্মীকিয়ে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰে৷ ইয়াৰ পূৰ্বে আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ভোলানাথ কলেজৰ অধ্যক্ষ ডঃ ধ্ৰুৱ চক্ৰৱৰ্তী, দুয়োগৰাকী সমল ব্যক্তি আৰু কলেজৰ অধ্যাপক-অধ্যাপিকাসকল৷


উল্লেখযোগ্য যে য়ুথ-২০ (y20) বৈঠকৰ সৈতে সংগতি ৰাখি কালি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ কাইলৈ পুৱা ভোলানাথ মহাবিদ্যালয়ৰ পৰা উলিওৱা হ'ব চাইক্ল'থন৷

শেহতীয়া বাতৰি