দৰঙৰ বেজৰ নিৰ্দেশত ওদালগুৰিৰ শিশু বলি কাণ্ড! তিনিবছৰৰ পৰা পৰিয়ালটোৱে কৰি আহিছিল স্বয়ম্ভূ বেজৰ নিৰ্দেশত পূজা

আৰক্ষীয়ে ইতিমধ্যে গোটেই পৰিয়ালটোক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে।

News18-Assam
Updated:July 6, 2019, 7:16 PM IST
দৰঙৰ বেজৰ নিৰ্দেশত ওদালগুৰিৰ শিশু বলি কাণ্ড! তিনিবছৰৰ পৰা পৰিয়ালটোৱে কৰি আহিছিল স্বয়ম্ভূ বেজৰ নিৰ্দেশত পূজা
আৰক্ষীয়ে ইতিমধ্যে গোটেই পৰিয়ালটোক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে।
News18-Assam
Updated: July 6, 2019, 7:16 PM IST
দৰং জিলাৰ বানেকুচি গাঁৱৰ ৰমেশ চহৰীয়া নামৰ এজন বেজৰ নাম সাঙোৰ খাইছে ওদালগুৰিৰ শিশুবলি অপচেষ্টা কাণ্ডৰ সৈতে। ওদালগুৰিৰ কুলশীপাৰাৰ যাদৱ চহৰীয়া নামৰ বিজ্ঞানৰ শিক্ষকজনে নিজৰ পৰিয়ালৰ আন সাতজন সদস্যৰ সৈতে মিলি খুলশালীয়েকৰ তিনি বছৰীয়া কন্যা সন্তানক বলি দিবলৈ বিচৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। খবৰ অনুসৰি পৰিয়ালটোৱে দৰঙৰ স্বয়ম্ভূ বেজজনৰ নিৰ্দেশত বিগত তিনিবছৰ ধৰি পূজা কৰি আহিছিল আৰু শণিবাৰে শেষভাগ পূজাৰ পিছতে কন্যা শিশুটি বলি দিবলৈ ওলাইছিল। পিছে দৈৱক্ৰমে ওচৰ চুবুৰীয়াৰ তৎপৰতাত আৰু আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ ৫ঘণ্টাজোৰা প্ৰচেষ্টাত উন্মাদ পৰিয়ালটোক কৰায়ত্ব কৰিব পৰা যায়। ওচৰ চুবুৰীয়াই এই কাণ্ডত বাধা দিবলৈ যাওঁতে পৰিয়ালটোৱে শিলগুটি, কুঠাৰ আৰু দাৰে আক্ৰমণ কৰে। তাৰ পিছতে উলংগ হৈ পূজা কৰি থকা পৰিয়ালটোৱে নিজৰ ঘৰৰ দামী আচ–বাব টিভি, ফ্ৰীজ, এখন ৰয়েল এনফীল্ড বাইক, নতুন ৱেগনাৰ গাড়ী ভাঙি লণ্ড ভণ্ড কৰি অগ্নিসংযোগ কৰে।


আৰক্ষীয়ে নিৰূপায় হৈ পাঁচজাই গুলীচালনা কৰি পৰিয়ালটোক নিয়ন্ত্ৰণ কৰিব লগীয়া হয়। এই গুলীচালনাত যাদৱ চহৰীয়াই ভৰিত আঘাত প্ৰাপ্ত হয়। আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে পৰিয়ালটোক কৰায়ত্ব কৰিবলৈ যাওঁতে ঘৰৰ মন্দিৰত বলিৰ পূৰ্বৰ পূজা–অৰ্চনাত ব্যস্ত আছিল ৮জনীয়া পৰিয়ালটো। ৩বছৰীয়া শিশু কন্যাটিৰ মাতৃ, পিতৃ আৰু আইতাকেও এই জঘন্য ঘটনাত অংশ লোৱা কাৰ্যই সকলোকে হতভম্ব কৰি তুলিছে। আৰক্ষীয়ে ইতিমধ্যে গোটেই পৰিয়ালটোক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে। ২১ শতিকাৰ অসমতো অন্ধবিশ্বাস কিমান ভয়ংকৰ হ’ব পাৰে!
আৰু চাওক পৰৱৰ্তী বাতৰি