মুখ্যপৃষ্ঠা »খবৰ »অসম »NDFB(P)ৰ প্ৰাক্তন অধ্যক্ষ তথা উপদেষ্টা ধীৰেন বড়ো আৰু ইষ্টাৰ্ণ কমাণ্ডাৰক সংগঠনৰ পৰা বহিষ্কাৰ

NDFB(P)ৰ প্ৰাক্তন অধ্যক্ষ তথা উপদেষ্টা ধীৰেন বড়ো আৰু ইষ্টাৰ্ণ কমাণ্ডাৰক সংগঠনৰ পৰা বহিষ্কাৰ

সংগঠনত বিভাজন আৰু সংগঠনক অস্থিৰ কৰাৰ কামত লিপ্ত হোৱাৰ উপযুক্ত তথ্য-প্ৰমাণ পোৱাৰ বাবে দুয়োজনকে সাধাৰণ সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হৈছে৷

সংগঠনত বিভাজন আৰু সংগঠনক অস্থিৰ কৰাৰ কামত লিপ্ত হোৱাৰ উপযুক্ত তথ্য-প্ৰমাণ পোৱাৰ বাবে দুয়োজনকে সাধাৰণ সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হৈছে৷

সংগঠনত বিভাজন আৰু সংগঠনক অস্থিৰ কৰাৰ কামত লিপ্ত হোৱাৰ উপযুক্ত তথ্য-প্ৰমাণ পোৱাৰ বাবে দুয়োজনকে সাধাৰণ সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হৈছে৷

  • Share this:
    বিজু কুমাৰ ডেকা : প্ৰথমে অধ্যক্ষ পদৰ পৰা অব্যাহতি৷ অধ্যক্ষ পদৰ পৰা অব্যাহতি দিয়াৰ পিছত এইবাৰ প্ৰাথমিক সদস্য পদো হেৰুৱালে NDFB(P)ৰ জ্যেষ্ঠ নেতা ধীৰেন বড়ো ওৰফে বি ছুংথাগ্ৰাই৷ লগতে সংগঠনৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে NDFB(P)ৰ ইষ্টাৰ্ণ কমাণ্ডৰ ফ্ৰেছ মুছাহাৰী ওৰফে এম ফৗলাউক৷

    বুধবাৰে NDFB(P)ৰ প্ৰচাৰ সচিব বি বডোছাই NEWS18ক সদৰি কৰা মতে, সংগঠনৰ সংবিধানবিৰোধী কাৰ্যত লিপ্ত হোৱাৰ গুৰুতৰ অপৰাধত পূৰ্বৰ অধ্যক্ষ তথা বৰ্তমানৰ উপদেষ্টা ধীৰেন বড়ো আৰু ইষ্ট্ৰাৰ্ণ কমাণ্ডাৰ ফ্ৰেছ মুছাহাৰীক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ সংগঠনত বিভাজন আৰু সংগঠনক অস্থিৰ কৰাৰ কামত লিপ্ত হোৱাৰ উপযুক্ত তথ্য-প্ৰমাণ পোৱাৰ বাবে দুয়োজনকে সাধাৰণ সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হৈছে৷

    NDFB(P)ৰ নেচনেল কাউন্সিলত সৰ্বসন্মতিক্ৰমে দুয়োজন নেতাক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰিছে প্ৰচাৰ সচিব বি বডোছাই৷ উল্লেখযোগ্য যে বিগত ৬ জুনত সংগঠনৰ কেন্দ্ৰীয় সমিতিখন নতুনকৈ গঠন কৰা হৈছিল৷ য’ত অধ্যক্ষ পদৰ পৰা আঁতৰাই ধীৰেন বড়োক উপদেষ্টা পদত নিয়োগ কৰা হৈছিল আৰু সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীক স্থলাভিষিক্ত কৰা হৈছিল অধ্যক্ষ পদত৷

    ১৭ আগষ্টত অনুষ্ঠিত হোৱা NDFB(P)ৰ নেচনেল কিউন্সিলৰ সভাত পৃথক বড়োলেণ্ডৰ দাবী পুনৰ পূৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায়৷ সভাত জম্মু-কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয়শাসিত ৰাজ্য হিচাপে গঠন কৰাত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় NDFB(P)-এ৷ লাডাখৰ দৰেই বড়োলেণ্ড গঠনৰ আহ্বান NDFB(P)ৰ৷

    এইক্ষেত্ৰত ২০১৪ত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰাৰ দৰে বড়োলেণ্ড সমস্যা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমাধান কৰিব বুলি আশাবাদী NDFB(P)৷

    শেহতীয়া বাতৰি