• Home
  • »
  • News
  • »
  • assam
  • »
  • মহামাৰীৰ সময়ত দিনে–নিশাই মাস্ক তৈয়াৰ কৰাত ব্যস্ত এইসকল মহিলা

মহামাৰীৰ সময়ত দিনে–নিশাই মাস্ক তৈয়াৰ কৰাত ব্যস্ত এইসকল মহিলা

মাস্কসমূহ তৈয়াৰ কৰাৰ পিছত ছেনিটাইজ কৰি প্ৰতিখন মাস্ক ইস্ত্ৰী কৰিহে বিক্ৰীৰ বাবে সাজু কৰে আত্মসহায়ক গোটৰ সদস্যাসকলে।

মাস্কসমূহ তৈয়াৰ কৰাৰ পিছত ছেনিটাইজ কৰি প্ৰতিখন মাস্ক ইস্ত্ৰী কৰিহে বিক্ৰীৰ বাবে সাজু কৰে আত্মসহায়ক গোটৰ সদস্যাসকলে।

মাস্কসমূহ তৈয়াৰ কৰাৰ পিছত ছেনিটাইজ কৰি প্ৰতিখন মাস্ক ইস্ত্ৰী কৰিহে বিক্ৰীৰ বাবে সাজু কৰে আত্মসহায়ক গোটৰ সদস্যাসকলে।

  • Share this:
কোৰোণা মহামাৰীয়ে সমগ্ৰ বিশ্বকে গ্ৰাস কৰা সময়ত জনসাধৰনৰ বাবে মাস্ক পৰিধান কৰাটো বিশ্ব স্বাস্থ্য সংস্থাই বাধ্যতামূলক কৰিছে। এইক্ষেত্ৰত চৰকাৰেও ৰাইজক মাস্ক পৰিধান কৰিবলৈ দিছে কঠোৰ নিৰ্দেশনা। কিন্তু মাস্কৰ চাহিদাৰ বিপৰীতে বজাৰত এতিয়াও পৰ্যাপ্ত পৰিমাণে উপলব্ধ হোৱা নাই মাস্ক। এনে সময়ত গ্ৰামাঞ্চলৰ মহিলা আত্মসহায়ক গোটসমূহে লৈছে প্ৰশংসনীয় পদক্ষেপ। মাস্কৰ চাহিদা পূৰণ কৰিবৰ বাবে আত্মসহায়ক গোটসমূহে যুদ্ধকালীন তৎপৰতাৰে তৈয়াৰ কৰিছে কাপোৰৰ মাস্ক।

মৰিয়নীৰ পূব যোৰহাট উন্নয়ন খণ্ডৰ অধীনৰ ৩৩টা আত্মসহায়ক গোটৰ শতাধিক মহিলা সদস্য এতিয়া দিনে–নিশাই ব্যস্ত মাস্ক তৈয়াৰ কৰাত। প্ৰতিটো আত্মসহায়ক গোটে দৈনিক পঁচিছ শৰ পৰা তিনিহাজাৰকৈ মাস্ক তৈয়াৰ কৰিছে। আত্মসহায়ক গোটসমূহৰ সদস্যাসকলে বিজ্ঞানসন্মতভাৱে মাস্কসমূহ সম্পূৰ্ণ কপাহী কাপোৰ ব্যৱহাৰ কৰি দুই তৰপীয়াকৈ তৈয়াৰ কৰিছে।

আনহাতে মাস্কসমূহ তৈয়াৰ কৰাৰ পিছত ছেনিটাইজ কৰি প্ৰতিখন মাস্ক ইস্ত্ৰী কৰিহে বিক্ৰীৰ বাবে সাজু কৰে আত্মসহায়ক গোটৰ সদস্যাসকলে। প্ৰতিখন মাস্কৰ মূল্য ২৫ টকাকৈ নিৰ্ধাৰণ কৰা লগতে মাস্কসমূহ ব্যৱহাৰৰ পিছত পুনৰ ধুই কেইবাবাৰো ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।

ৰাইজৰ মাজত মাস্কৰ চাহিদা পূৰণ কৰা লগতে দৰিদ্ৰ লোকসকলে যাতে সুলভ মূল্যত মাস্ক ক্ৰয় কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আত্মসহায়ক গোটসমূহে মাস্ক তৈয়াৰত সম্পূৰ্ণ মনোনিৱেশ কৰিছে বুলি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ ব্লক প্ৰগ্ৰেম মেনেজাৰ নয়নমণি শইকীয়াই জানিবলৈ দিয়ে।

আনহাতে, মাস্কসমূহ বিক্ৰীৰ বাবে মঙলবাৰে চেলেংহাট ব্লক চাৰিআলিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত প্ৰথমখন মাস্কৰ বিপণী ৰাইজৰ বাবে মুকলি কৰা হয়। বিপনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পূব যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সাধনা কঠাপিয়ে। ইফালে, পূব যোৰহাট উন্নয়ন খণ্ডৰ অধীনৰ ৩৩টা আত্মসহায়ক গোটে মাস্ক প্ৰস্তুতৰ যোগেদি আৰ্থিকভাৱে লাভৱান হোৱাৰ পথ মুকলি হোৱাত আনন্দিত হৈ পৰিছে আত্মসহায়ক গোটৰ মহিলা সদস্যাসকল।
First published: