• Home
  • »
  • News
  • »
  • assam
  • »
  • ল’ক ডাউনৰ সুফলঃউন্মোচিত হ’ল সীমা বৰাৰ উপন্যাস ‘ভগ্ন হৃদয়ৰ উচুপনি’ আৰু কাব্যগ্ৰন্থ ‘বাঁহীৰ সুৰত ৰাধাই নাচে’

ল’ক ডাউনৰ সুফলঃউন্মোচিত হ’ল সীমা বৰাৰ উপন্যাস ‘ভগ্ন হৃদয়ৰ উচুপনি’ আৰু কাব্যগ্ৰন্থ ‘বাঁহীৰ সুৰত ৰাধাই নাচে’

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত  আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় নবীন লেখিকাগৰাকী দুয়োখন গ্ৰন্থ ৷

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত  আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় নবীন লেখিকাগৰাকী দুয়োখন গ্ৰন্থ ৷

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত  আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় নবীন লেখিকাগৰাকী দুয়োখন গ্ৰন্থ ৷

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে যোৱা মাৰ্চ মাহৰ ২৩ তাৰিখৰপৰা দেশজুৰি বলবৎ হোৱা ল’ক ডাউনৰ দীঘলীয়া সময়ছোৱাত নবীন লেখিকা সীমা বৰাই লিখি উলিওৱা দুখন গ্ৰন্থ ‘ভগ্ন হৃদয়ৰ উচুপনি’ (উপন্যাস) আৰু ‘বাঁহীৰ সুৰত ৰাধাই নাচে’ (কাব্যগ্ৰন্থ)। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত  আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় নবীন লেখিকাগৰাকী দুয়োখন গ্ৰন্থ ৷

এই অনুষ্ঠানত লেখিকা সীমা বৰাই আদৰণি ভাষণ আগবঢ়াই কয়, ‘‘গ্ৰন্থই সমাজৰ মংগলময় দিনৰ বাট মুকলি কৰে ৷ মানুহৰ মনৰ পৰিধি বিশাল কৰে ৷ গ্ৰন্থৰ প্ৰকাশে এটা জাতিৰ সভ্যতাক আগুৱাই নিয়ে৷’’ ইয়াৰ লগতে আমন্ত্ৰিত বিশিষ্ট অতিথিসকলক কৃতজ্ঞতা জ্ঞাপন কৰি ভৱিষ্যতে আৰোহণ পাব্লিকেশ্যনৰ জৰিয়তে নৱীন-প্ৰবীন লেখক-লেখিকাৰ গ্ৰন্থ প্ৰকাশ কৰা হ’ব বুলিও কয়৷



উন্মোচনী অনুষ্ঠানত এগৰাকী নাৰীৰ সুখ-দুখ, ইচ্ছা-অনিচ্ছা, আশা-ভৰসা, প্ৰেম-ভালপোৱা, জীৱন সংগ্ৰামৰ প্ৰতিটো দিশ সামৰি সুন্দৰ আৰু সাৱলীল প্ৰকাশ ভংগীৰে পঢ়ুৱৈ সমাজলৈ আগবঢ়োৱা উপন্যাস ‘ভগ্ন হৃদয়ৰ উচুপনি’ আৰু প্ৰেম, বিষাদ, জীৱন, সমাজ ব্যৱস্থা আদি ভিন্ন বিষয়ত লিখা কাব্য সংকলন ‘বাঁহীৰ সুৰত ৰাধাই নাচে’ উন্মোচন কৰা হয়৷

দুয়োখন গ্ৰন্থৰ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক, অসম কলাতীৰ্থৰ সঞ্চালক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ পৰমানন্দ ৰাজবংশী, আছাম পাব্লিক ৱকৰ্ছৰ সভাপতি আভিজিত শৰ্মা, দৈনিক বাতৰি কাকতৰ সম্পাদক অনিল বৰ্মন, নিয়মীয়া বাৰ্তা কাকতৰ উপ-সম্পাদক ড॰ গীতালি শইকীয়া, বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকা, জনপ্ৰিয় কবি স্বপ্নালী বৰগোহাঁই, প্ৰতিভা নাথ আৰু গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা শ্বহিদুল ইছলাম৷
Published by:Himangshu Bhuyan
First published: