
পশ্চিম কাৰ্বি আংলং জিলাৰ হাতীডুবিস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন জোৱান যোৱা ৪ জুনৰ পৰা নিখোজ হৈ থকা ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য।
পশ্চিম কাৰ্বি আংলং জিলাৰ হাতীডুবিস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন জোৱান যোৱা ৪ জুনৰ পৰা নিখোজ হৈ থকা ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য।
পশ্চিম কাৰ্বি আংলং জিলাৰ হাতীডুবিস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন জোৱান যোৱা ৪ জুনৰ পৰা নিখোজ হৈ থকা ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য।নিৰুদেশ হৈ থকা জোৱান জন IRBN ৰ ঋতু বৰা বুলি আৰক্ষীয়ে পূৰ্বতে প্ৰকাশ কৰিছে ।
জোৱানজন নিৰুদেশ হোৱাৰ সময়ৰ পৰাই আৰক্ষীয়ে অনুসন্ধান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে খবৰ নাই নিৰুদ্দিষ্ট ঋতু বৰাৰ।ইপিনে জোৱানজনৰ ইনচার্জ ৰাইফল প্ৰথম পৰ্যায়ত আৰক্ষীয়ে কোনো সন্ধান নোপোৱাত ক্ষীপ্ৰ কৰি তুলিছিল অভিযান প্ৰক্ৰিয়া। ফলত জোৱানজনৰ ইনচার্জ ৰাইফল দেওবাৰে প্ৰকল্পস্থলীৰ নাতিদূৰত আৰক্ষীয়ে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে ৰাইফল খনৰ ২০ জাই সজীৱ গুলীও ৰাইফলৰ সৈতে পোৱা গৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । আনহাতে নিৰুদ্দিষ্ট জোৱানজনৰ সন্ধানত অভিযান আৰু অধিক জোৰদাৰ হ'ব বুলি জিলাখনৰ আৰক্ষী অধীক্ষক আজাগৌৰাং বসুমতাৰীয়ে জানিবলৈ দিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|