• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱৰ ৰাজপথত কাশ্মীৰসদৃশ সমৰসজ্জা আৰক্ষী আৰু অৰ্ধ–সামৰিক বাহিনীৰ, কিন্তু কিয়?

নগাঁৱৰ ৰাজপথত কাশ্মীৰসদৃশ সমৰসজ্জা আৰক্ষী আৰু অৰ্ধ–সামৰিক বাহিনীৰ, কিন্তু কিয়?

আৰক্ষীৰ এই বৃহৎ সমৰসজ্জাৰ বিষয়ে জিলা প্ৰশাসন তথা আৰক্ষী অধীক্ষকে কোনোধৰণৰ মন্তব্য কৰা নাই।

আৰক্ষীৰ এই বৃহৎ সমৰসজ্জাৰ বিষয়ে জিলা প্ৰশাসন তথা আৰক্ষী অধীক্ষকে কোনোধৰণৰ মন্তব্য কৰা নাই।

আৰক্ষীৰ এই বৃহৎ সমৰসজ্জাৰ বিষয়ে জিলা প্ৰশাসন তথা আৰক্ষী অধীক্ষকে কোনোধৰণৰ মন্তব্য কৰা নাই।

  • Share this:
সময় তেতিয়া সন্ধিয়া ৬বাজিছে। হঠাৎ নগাঁও চহৰৰ চৌদিশে পদব্ৰজে সশস্ত্ৰ আৰক্ষীৰ জোৱানৰ টহল। যেন এয়া নগাঁও নহয়, অশান্তজৰ্জৰ কাশ্মীৰৰ কোনো অঞ্চলহে। আৰক্ষীক সহযোগ কৰিলে চিআৰপিএফ আৰু বিএছএফৰ জোৱানেও। কিন্তু কিয় হঠাৎ আৰক্ষীৰ এই সমৰসজ্জা, তাক লৈ তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে নগাঁও চহৰবাসীৰ মাজত।

আৰক্ষীৰ এই বৃহৎ সমৰসজ্জাৰ বিষয়ে জিলা প্ৰশাসন তথা আৰক্ষী অধীক্ষকে কোনোধৰণৰ মন্তব্য কৰা নাই। কিন্তু বুধবাৰে অযোধ্যাত হ'ব লগা ৰাম মন্দিৰৰ ভূমি পূজনৰ আগমুহূৰ্তত নগাঁও আৰক্ষীৰ এই সমৰসজ্জাৰ পৰা স্পষ্ট হৈছে সংখ্যালঘূ জনবসতি প্ৰধান জিলাখনত সৃষ্টি হ'ব পৰা সাম্প্ৰদায়িক অশান্তি ৰুধিবলৈকে যে এই পদক্ষেপ লৈছে নগাঁও আৰক্ষীয়ে।

উল্লেখযোগ্য যে ৰাম মন্দিৰ সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ দিনাও নগাঁৱত আৰক্ষীয়ে ব্যাপক সমৰসজ্জা গঢ়ি তুলিছিল। আনহাতে, এইবাৰো ৰাম মন্দিৰৰ ভূমি পূজনৰ সময়ত যাতে নগাঁৱত কোনেও সাম্প্ৰদায়িক অশান্তি বিয়পাব নোৱাৰে তাৰ বাবেই নগাঁও আৰক্ষী অধীক্ষক গৌৰৱ অভিজিতৰ নিৰ্দেশত আৰক্ষীয়ে গঢ়ি তুলিছে এই সমৰসজ্জা। জানিব পৰা মতে, কাইলৈ পুৱা ৪ বজাৰে পৰা সমগ্ৰ নগাঁৱতে নিয়োগ কৰা হ'ব কন্দুৱা গেছ, ৰাবাৰ বুলেট আদিৰে সুসজ্জিত আৰু অধিক আৰক্ষীৰ সশস্ত্ৰ বাহিনীৰ জোৱান।
Published by:Sanjay Kumar Das
First published: