সাৱধান! গ্ৰাহকলৈ ষ্টেট বেংক অব ইণ্ডিয়াই জাৰি কৰিছে সতৰ্কতা

News18-Assam
Updated:August 3, 2019, 3:47 PM IST
সাৱধান! গ্ৰাহকলৈ ষ্টেট বেংক অব ইণ্ডিয়াই জাৰি কৰিছে সতৰ্কতা
ষ্টেট বেংক অব ইণ্ডিয়াই গ্ৰাহকলৈ দিছে সতৰ্কবাণী। ইণ্টাৰনেটৰ জৰিয়তে বেংক একাউণ্টৰ পৰা ধন হৰলুকী কৰি আছে দুষ্ট চক্ৰই।

ষ্টেট বেংক অব ইণ্ডিয়াই গ্ৰাহকলৈ দিছে সতৰ্কবাণী। ইণ্টাৰনেটৰ জৰিয়তে বেংক একাউণ্টৰ পৰা ধন হৰলুকী কৰি আছে দুষ্ট চক্ৰই।

  • Share this:
ভাৰতত অতি কম সময়ৰ ভিতৰতে কেছলেছ ছিষ্টেমটোক আদৰি লৈছে জনতাই। বজাৰৰ পূৰ্বে ATMৰ পৰা টকা উলিওৱা হওক বা তেল ডিপোত ডেবিড কাৰ্ড ব্যৱহাৰ কৰাই হওক, প্ৰতিটো ক্ষেত্ৰতে এতিয়া ব্যৱহাৰ কৰিবলৈ লৈছে ডেবিড–ক্ৰেডিট কাৰ্ড। পিছে এটা কথা মন কৰিবলগীয়া যে যদিহে এনে ব্যৱহাৰ সাৱধানতাৰে কৰা নহয় তেন্তে সন্মুখীন হ’ব লাগিব পাৰে বৃহৎ লোকচানৰ। আৰু আজিকালি চাইবাৰ অপৰাধীয়ে অতি কৌশলেৰে লুটি আছে বেংক গ্ৰাহকৰ একাউণ্টৰ পৰা ধন। তেনে এক সময়ত দেশৰ বৃহৎ বেংক ষ্টেট বেংক অব ইণ্ডিয়াই গ্ৰাহকলৈ দিছে সতৰ্কবাণী। ইণ্টাৰনেটৰ জৰিয়তে বেংক একাউণ্টৰ পৰা ধন হৰলুকী কৰি আছে দুষ্ট চক্ৰই।
ষ্টেট বেংক অব ইণ্ডিয়াই নিজ ৱেবছাইটত প্ৰকাশ কৰিছে যে ‘ফিছিং’ এক প্ৰকাৰৰ চাইবাৰ অপৰাধী। ইয়াৰ ব্যৱহাৰ গোপন বিত্তীয় নিৰ্দেশনা, উদাহৰণস্বৰূপে বেংক একাউণ্টৰ নম্বৰ, বেংকিং পাছৱৰ্ড, ক্ৰেডিট কাৰ্ডৰ সংখ্যা আদি চুৰিৰ চেষ্টা চলোৱা হয়। ইয়াত হেকাৰ, পিছত এই তথ্যৰ ব্যৱহাৰ কৰি একাউণ্টৰ পৰা ধন হৰলুকী অথবা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পৰিশোধ কৰিব পাৰে বিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি