
বহুকেইগৰাকী বিধায়কে ইতিমধ্যে কংগ্ৰেছৰ পৰা বিদায় লৈ বিজেপিত যোগদান কৰিছে।
বহুকেইগৰাকী বিধায়কে ইতিমধ্যে কংগ্ৰেছৰ পৰা বিদায় লৈ বিজেপিত যোগদান কৰিছে।
বিপৰ্যয়ে লগ এৰা নাই কংগ্ৰেছৰ। আজি কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ কথা জনালে আৰু এজনে। তেওঁ কংগ্ৰেছৰ নেতা ভাস্কৰ দাহাল। ভাস্কৰ দাহাল তামুলপুৰ উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। দাহাল (Bhaskar Dahal) কংগ্ৰেছৰ সম্পাদক আৰু অন্যতম মুখপাত্ৰও আছিল। বৃহস্পতিবাৰে দিনৰ ১১ বজাত দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মাধ্যমক সম্বোধন কৰিব দাহালে।
তেওঁ জাতীয় কংগ্ৰেছৰ (APCC) পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি সংবাদ মেলত উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনায় সংবাদ মাধ্যমক। উল্লেখ্য, কংগ্ৰেছৰ পৰা অকল ভাস্কৰ দাহালেই নহয়, বহুকেইগৰাকী বিধায়কে ইতিমধ্যে বিদায় লৈ বিজেপিত যোগদান কৰিছে। অৱশ্যে দাহালৰ পৰৱৰ্তী ৰাজনৈতিক পৰিচয় কি হ'ব সেয়া অৱগত কৰা নাই (Bhaskar Dahal Decides to resign from APCC)।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|