শিক্ষামন্ত্ৰীয়ে লগতে কয় যে পূৰ্বতকৈ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ উন্নতি হৈছে আৰু আমি এই দিশত কাম কৰি আছোঁ। শিক্ষামন্ত্ৰীয়ে লগতে কয় যে পূৰ্বতকৈ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ উন্নতি হৈছে আৰু আমি এই দিশত কাম কৰি আছোঁ। আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত উত্তৰ গুৱাহাটীৰ বিদ্যালয় পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈ শিক্ষামন্ত্ৰীগৰাকীয়ে ভাগ লয় গুণোৎসৱত । শিক্ষাৰ্থীৰ অনুশাসনমূলক অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ লগতে মন্ত্ৰী ৰণোজ পেগুৱে শৈক্ষিক দিশৰ বুজ লোৱাৰ বাবে প্ৰধান শিক্ষকৰ স'তে মত বিনিময় কৰে।
গুণোৎসৱ (Gunotsav) আয়োজনৰ সকলো দিশৰ বুজ লৈ অভিভাৱকৰ স'তেও কথা পাতে মন্ত্ৰীগৰাকীয়ে। সাংবাদিকৰে মত বিনিময় কৰি শিক্ষামন্ত্ৰী পেগুৱে কয়- বিদ্যালয় একত্ৰীকৰণ কোনো ঋণাত্মক কথা নহয়। বিদ্যালয় একত্ৰীকৰণৰ জৰিয়তে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত গুণগত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিম।
উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয়ৰ গুণোৎসৱত ভাগ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu) চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ভাল হোৱা বুলি উল্লেখ কৰি এতিয়া চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থীৰ সোঁত বৈছে বুলি কয়।
শিক্ষামন্ত্ৰীয়ে লগতে কয় যে পূৰ্বতকৈ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ উন্নতি হৈছে আৰু আমি এই দিশত কাম কৰি আছোঁ। তেওঁ লগতে ব্যক্তিগত বিদ্যালয়ৰ অতপালি ৰুধিবৰ বাবে ব্যৱস্থা আছে বুলিও উল্লেখ কৰে।
Published by: Gautam Barman
First published: May 24, 2022, 13:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|