உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উখল-মাখল নিলাচল পাহাৰ, কিন্তু নিস্তব্ধ-নিতাল পৰিৱেশ দ্বিতীয় শক্তিপীঠখ্যাত শিলঘাটৰ কামাখ্যা দেৱালয়ত

    উখল-মাখল নিলাচল পাহাৰ, কিন্তু নিস্তব্ধ-নিতাল পৰিৱেশ দ্বিতীয় শক্তিপীঠখ্যাত শিলঘাটৰ কামাখ্যা দেৱালয়ত

    কলিয়াবৰৰ শিলঘাটৰ দ্বিতীয় শক্তিপীঠ খ্যাত কামাখ্যা দেৱালয়ত মন্দিৰ স্থাপনৰ পৰা আজিপৰ্যন্ত অনুষ্ঠিত হোৱা নাই অম্বুবাচী মেলা। কেৱল পালন কৰা হয় প্ৰবৃত্তি আৰু নিবৃত্তি।

    কলিয়াবৰৰ শিলঘাটৰ দ্বিতীয় শক্তিপীঠ খ্যাত কামাখ্যা দেৱালয়ত মন্দিৰ স্থাপনৰ পৰা আজিপৰ্যন্ত অনুষ্ঠিত হোৱা নাই অম্বুবাচী মেলা। কেৱল পালন কৰা হয় প্ৰবৃত্তি আৰু নিবৃত্তি।

    কলিয়াবৰৰ শিলঘাটৰ দ্বিতীয় শক্তিপীঠ খ্যাত কামাখ্যা দেৱালয়ত মন্দিৰ স্থাপনৰ পৰা আজিপৰ্যন্ত অনুষ্ঠিত হোৱা নাই অম্বুবাচী মেলা। কেৱল পালন কৰা হয় প্ৰবৃত্তি আৰু নিবৃত্তি।

    • Share this:
    অসমৰ দ্বিতীয় শক্তিপীঠখ্যাত কলিয়াবৰৰ শিলঘাটস্থিত কামাখ্যা দেৱালয়তো প্ৰবৃত্তি অনুসৰি বন্ধ হ’ল মন্দিৰৰ মূল দুৱাৰ। বুধবাৰে নিশা ৮ বাজি ১৮ মিনিটৰ লগে লগে বন্ধ হ’ল শিলঘাটৰ কামাখ্যা দেৱালয়ৰ মূল দুৱাৰ।

    অম্বুবাচীৰ নিবৃত্তি অনুসৰি নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰৰ লগতে কলিয়াবৰৰ শিলঘাটত থকা দ্বিতীয় শক্তিপীঠখ্যাত শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ৰো বন্ধ হৈ থকা মন্দিৰৰ মূল দুৱাৰ ২৬ জুনৰ পুৱা খোল খাব।

    কিন্তু কলিয়াবৰৰ শিলঘাটৰ দ্বিতীয় শক্তিপীঠ খ্যাত কামাখ্যা দেৱালয়ত মন্দিৰ স্থাপনৰ পৰা আজিপৰ্যন্ত অনুষ্ঠিত হোৱা নাই অম্বুবাচী মেলা। কেৱল পালন কৰা হয় প্ৰবৃত্তি আৰু নিবৃত্তি।

    নীলাচল পাহাৰত থকা কামাখ্যা দেৱালয়লৈ দৈনিক যিদৰে লাখ লাখ ভক্তৰ সমাগম ঘটে, কিন্তু শিলঘাটৰ কামাখ্যা দেৱালয়ত নাই ভক্তৰ উপস্থিতি। নিতাল-নিস্তব্ধ পৰিৱেশে বিৰাজ কৰে শিলঘাটৰ কামাখ্যা দেৱালয়ত। হয়তো প্ৰচাৰ-প্ৰসাৰ নোহোৱাৰ বাবেই আজিও বহু লোকে নাজানে শিলঘাটত থকা অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ৰ কথা।

    উল্লেখ্য যে¸অষ্টম শতিকাতে শালস্তম্ভবংশী ৰজা বনমালদেৱে শিলঘাটৰ কামাখ্যা পাহাৰৰ কামকূটত স্থাপন কৰিছিল এই কামাখ্যা দেৱালয়। প্ৰাকৃতিক দুৰ্যোগত ধ্বংস হোৱা দেৱালয়খনি পৰৱৰ্তী সময়ত আহোম ৰাজত্ব কালত ১৭৪৫ খ্ৰীষ্টাব্দত ৰজা প্ৰমত্ত সিংহই  পুনৰ নিৰ্মাণ কৰে।

    তাৎপৰ্যপূৰ্ণ যে¸ অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাটৰ কামাখ্যা দেৱালয়ৰ প্ৰচাৰ-প্ৰসাৰত যদি গুৰুত্ব দিয়া হয়¸ অদূৰ ভৱিষ্যতে এই দেৱালয়ক এক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব পৰা প্ৰচূৰ সম্ভাৱনা আছে।
    Published by:Sanjay Kumar Das
    First published: