মেট্ৰিকৰ ফলাফল চাব কেনেকৈ? মুকলি ১৪টা ৱেবছাইট

ৱেবছাইট কেইটাৰ উপৰিও SMS যোগে পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফল

news18assam
Updated:May 5, 2019, 5:36 PM IST
মেট্ৰিকৰ ফলাফল চাব কেনেকৈ? মুকলি ১৪টা ৱেবছাইট
ৱেবছাইট কেইটাৰ উপৰিও SMS যোগে পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফল
news18assam
Updated: May 5, 2019, 5:36 PM IST
বহু জল্পনা কল্পনাৰ অন্তত ১৫ মে’ত ঘোষণা কৰা হ’ব চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ফলাফলৰ সময়ক লৈ পূৰ্বে বিভিন্ন ধৰনৰ বেমেজালি দেখা দিছিল যদিও পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰিয়ে পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। পুৱা ৯ বজাত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ১১ বজাৰ পৰা বিদ্যালয়সমূহে প্ৰদান কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। কিন্তু ১১ বজাৰ পূৰ্বে  কোনো বিদ্যালয়ৰ কৰ্তৃপক্ষই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট থকা পেকেটৰ ছীল খুলিব নোৱাৰিব। শিক্ষাৰ্থীসকলৰ যিকোনো আঁসোৱাহ থাকিলে ১৫ দিনৰ ভিতৰত পুনৰীক্ষণৰ আৱেদন কৰিব পাৰিব। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩ লাখ ৯৪ হাজাৰৰো অধিক পৰীক্ষাৰ্থী। পুৱা ৭ বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰা পৰীক্ষাকেন্দ্ৰসমূহে বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা নিব পাৰিব যাবতীয় সামগ্ৰীসমূহ। পৰীক্ষাৰ্থীয়ে ফলাফল লাভ কৰিবৰ বাবে ১৪ টাকৈ ৱেবছাইট মুকলি কৰিছে ছেবা কৰ্তৃপক্ষই।



ৱেবছাইট কেইটা হ’লঃ

results.sebaonline.org
resultsassam.nic.in
www.examresults.net
www.examresults.net/assam/

www.indiaresults.com
exametc.com
iresults.net
yesresult.com
www.result.shiksha
www.assam.shiksha
www.assamonline.in
assamjobalerts.com
assamresult.in

এই ৱেবছাইট কেইটাৰ উপৰিও SMS যোগে পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফল। উল্লেখ্য যে,  নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি ২০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা।

 
আৰু চাওক পৰৱৰ্তী বাতৰি