• Home
  • »
  • News
  • »
  • assam
  • »
  • মেট্ৰিক পৰীক্ষাত নকল কৰাৰ পৰা সাৱধান, ধৰা পৰিলে তিনি বছৰলৈ ভুগিব লাগিব ফল

মেট্ৰিক পৰীক্ষাত নকল কৰাৰ পৰা সাৱধান, ধৰা পৰিলে তিনি বছৰলৈ ভুগিব লাগিব ফল

প্ৰতীকী ফটো

প্ৰতীকী ফটো

মেট্ৰিক পৰীক্ষাৰ পূৰ্বে ছেবাৰ কাৰ্যালয়ত সোমাবৰে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক

  • Share this:
মেট্ৰিক পৰীক্ষাৰ পূৰ্বে ছেবাৰ কাৰ্যালয়ত সোমাবৰে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে বৰ্ডে। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এতিয়াৰ পৰাই ছেবাই হাতত লৈছে বিশেষ পদক্ষেপ। নকলৰ ক্ষেত্ৰতো পূৰ্বতকৈ অধিক কঠোৰ হ’ব ছেবা।পৰীক্ষাত নকল কৰি বা মোবাইল ব্যৱহাৰ কৰি ধৰা পৰিলে ৩বছৰৰ বাবে নিলম্বিত হব পৰীক্ষাৰ্থী।

পৰীক্ষা কেন্দ্ৰত মবাইল ব্যৱহাৰ কৰিলে লোৱা হ’ব কঠোৰ শাস্তিমুলক ব্যৱস্থা।নকল কৰা পৰীক্ষাৰ্থীৰ লগতে পৰীক্ষা কেন্দ্ৰই হেমাহি কৰিলে তেনে কেন্দ্ৰ বাতিল কৰাৰ হুংকাৰ ছেবাৰ।প্ৰথমবাৰৰ বাবে এইবাৰ পৰীক্ষা কেন্দ্ৰত শিক্ষাৰ্থীৰ সন্মুখত নিৰীক্ষকে মুকলি কৰিব লাগিব প্ৰশ্নকাকত। ২জন পৰীক্ষাৰ্থীক সাক্ষী কৰিব লাগিব নিৰীক্ষকে।

এইবাৰ ৮৬০ টা কেন্দ্ৰত ছেবাই সংলগ্ন কৰিব পাৰে জামাৰ। ইফালে পৰীক্ষাৰ সময়ছোৱাত কোনো দল সংগঠনক বন্ধ নিদিবলৈ আহ্বান ছেবা কৰ্তৃপক্ষৰ। ছেবাৰ অধ্যক্ষ ৰমেশ ছান্দ জৈনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সম্পৰ্কত কয় যে,‘পৰীক্ষাৰ বাবে সকলো যাৱতীয় সামগ্ৰী কেন্দ্ৰ সমূহলৈ পঠিওৱা হৈছে, এইবাৰ পৰীক্ষাকেন্দ্ৰৰ ৱাল সমূহত লিখা থাকিব নকলৰ পৰা সাৱধান, প্ৰত্যক চেণ্টাৰত চি চি টিভি লগোৱাটো বাধ্যতামূলক কৰা হৈছে।'

উল্লেখযোগ্য যে, অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ অনুস্থিত হব মেট্ৰিক পৰীক্ষা। য’ত অৱতীৰ্ণ হব ৩,৫৮,৪৪৬গৰাকী পৰীক্ষাৰ্থী।
Published by:Himangshu Bhuyan
First published: