ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট প্ৰদান কৰা দুষ্টচক্ৰক উৎখাত কৰিবলৈ সাজু ছেবা

News18-Assam
Updated:September 11, 2019, 6:18 PM IST
ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট প্ৰদান কৰা দুষ্টচক্ৰক উৎখাত কৰিবলৈ সাজু ছেবা
source-Google

গোৱালপাৰা আৰু বিশ্বনাথ চাৰিআলিৰ এটা দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা চলাই আহিছে ৰমৰমীয়া বেহা!

  • News18 Assam
  • Last Updated: September 11, 2019, 6:18 PM IST
  • Share this:
হীৰক জ্যোতি মালাকাৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ ভুৱা চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট প্ৰদান কৰা দুষ্টচক্ৰ ৰুধিবলৈ সাজু হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবা।গোৱালপাৰা আৰু বিশ্বনাথ চাৰিআলিৰ এটা দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা চলাই আহিছে ৰমৰমীয়া বেহা।

অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক তেওঁলোকে টকাৰ বিনিময়ত দুষ্ট চক্ৰটোৱে প্ৰদান কৰি আহিছে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট।বিশ্বনাথ চাৰিআলিৰ নিয়ৰকনা বৰা আৰু গোৱালপাৰৰ বল বলা হাইস্কুলৰ দিননাচ ফেচবিন বেগম নামৰ মহিলা দুগাৰকীৰয়ে ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।

ছেবাৰ কতৃপক্ষক এই সন্দৰ্ভত অৱগত কৰাৰ পিছতে দুই গৰাকীৰ বিৰুদ্ধে গোচৰ বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাত ৰুজু কৰিছে ছেবাই।ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই জনোৱা অনুসৰি এই দুষ্ট চক্ৰই প্ৰদান কৰা ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ চেষ্টা চলাইছে।লগতে পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে এনে ধৰনৰ ভুৱা মাৰ্কশ্বিট বা চাৰ্টিফিকেটৰ তথ্য পালে তৎকক্ষণিক ভাবে খবৰ দিবলৈ ৰাইজক আহ্বান জনায়।
আৰু চাওক
পৰৱৰ্তী বাতৰি