মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁৱৰ তিনিখনকৈ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ স্বীকৃতি বাতিল, শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰধান শিক্ষকৰ ...

নগাঁৱৰ তিনিখনকৈ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ স্বীকৃতি বাতিল, শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰধান শিক্ষকৰ ...

ছেবাই ৰাজ্যখনৰ ১০৫ খন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ স্বীকৃতি হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল প্ৰদৰ্শন কৰাৰ বাবে বাতিল কৰিছে।

ছেবাই ৰাজ্যখনৰ ১০৫ খন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ স্বীকৃতি হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল প্ৰদৰ্শন কৰাৰ বাবে বাতিল কৰিছে।

ছেবাই ৰাজ্যখনৰ ১০৫ খন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ স্বীকৃতি হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল প্ৰদৰ্শন কৰাৰ বাবে বাতিল কৰিছে।

  • Share this:
হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল প্ৰদৰ্শন কৰা নগাঁও জিলাৰ তিনিখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ স্বীকৃতি অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) বাতিল কৰিছে। উল্লেখ যে ছেবাই ৰাজ্যখনৰ ১০৫ খন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ স্বীকৃতি হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফল প্ৰদৰ্শন কৰাৰ বাবে বাতিল কৰিছে।

ইয়াৰ ভিতৰত নগাঁও জিলাৰ তিনিখন বিদ্যালয় আছে। সেই বিদ্যালয় কেইখন হল বেঙেনাআটিৰ ৰমেশ ফুকন মেমৰিয়েল হাইস্কুল, মৰঙিয়াল আহম্মদ আলী হাই মাদ্ৰাছা আৰু বেচামাৰী ছোৱালী হাইস্কুল। অহা ৩১ মাৰ্চৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব বুলি এক জাননী যোগে ছেবাই ঘোষণা কৰিছে। অহা ১ এপ্ৰিলৰ পিছত কোনো শিক্ষাৰ্থীকে নৱম শ্ৰেণীত নাম পঞ্জীয়ন নকৰিবলৈ স্বীকৃতি বাতিল কৰা অপ্ৰাদেশিকৃত বিদ্যালয় সমূহক নিৰ্দেশ দিছে ছেবাই। স্বীকৃতি বাতিল হোৱা নগাঁৱৰ ৰমেশ ফুকন মেমৰিয়েল হাই স্কুলৰ প্ৰধান শিক্ষক আব্দুল কাদিৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়  যে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰি চৰকাৰে ভুল সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ অঞ্চলটো পিছপৰা। এই অঞ্চলটোত এই বিদ্যালয়খনে শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। চৰকাৰৰ এই সিদ্ধান্তই ছাত্ৰ-ছাত্ৰী সকলক বিপদত পেলাব। চৰকাৰে বিদ্যালয় বন্ধ কৰি সমাজৰ উন্নতি সাধন কৰিব নোৱাৰে বুলি মন্তব্য কৰি প্ৰধান শিক্ষকগৰাকীয়ে চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ আহবান জনাইছে। অৱশ্যে এই বিদ্যালয় সমূহৰ শিক্ষাৰ্থী সকলে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বাধাহীন ভাবে দিব পাৰিব বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি