সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।তাৰ মাজতে মেট্ৰিক পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তেনেস্থলত এইবাৰ পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব তাৰ এক পৰিকল্পনা যুগুত কৰিছে ছেবা কৰ্তৃপক্ষই। কোভিডৰ বাবে এইবাৰ ছিটপ্লেনৰ ক্ষেত্ৰত ছেবাই জাৰি কৰিছে এক নতুন নিৰ্দেশনা।
'এছ' প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে এইবাৰ বহিব লাগিব পৰীক্ষা কেন্দ্ৰত। সেই অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰথম বেঞ্চত দুজন পৰীক্ষাৰ্থী, দ্বিতীয় বেঞ্চত এজন পৰীক্ষাৰ্থী আৰু তাৰ পিছৰ বেঞ্চসমূহতো এইধৰণে বহিব লাগিব পৰীক্ষাৰ্থীসকল।
তদুপৰি পৰীক্ষা অনুষ্ঠিত হ’বলগা প্ৰতিটো কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষক-নিৰীক্ষকে ভেকচিন লোৱাটো বাধ্যতামূলক। একেদৰে ছেবাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ মাস্ক, ছেনিটাইজাৰৰ বাবে প্ৰেৰণ কৰিব ধন। প্ৰতিটো কেন্দ্ৰৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে এইবাৰ ২৫ টকাকৈ দিব ছেবাই। মুঠতে কোভিডৰ সকলো বিধি পালন কৰি পৰীক্ষা অনুস্থিত কৰিবলৈ সাজু হৈছে ছেবা কৰ্তৃপক্ষই।
উল্লেখযোগ্য যে, অহা ১১ মে’ৰ পৰা ৩ জুনলৈ অনুস্থিত হ’ব হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা। ইফালে, ২০২১-২০২২ বৰ্ষৰ বাবে আজি ছেবাই মুকলি কৰিলে শৈক্ষিক কেলেণ্ডাৰ।ডিজিটেল পদ্ধতিৰ জৰিয়তে প্ৰকাশ কৰা এই কেলেণ্ডাৰ মুকলি কৰে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু সচিব সুৰঞ্জনা সেনাপতিয়ে। এই শৈক্ষিক কেলেণ্ডাৰ অনুসৰি ছেবাৰ অধীনস্থ বিদ্যালয়সমূহৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে যুগুতাব লাগিব পাঠ। তদুপৰি শৈক্ষিক কেলেণ্ডাৰ অনুসৰি অনুস্থিত কৰিব লাগিব ছয়মাহিলী, বছৰেকীয়া আৰু গোট পৰীক্ষা। আনহাতে, এইবাৰ শৈক্ষিক কেলেণ্ডাৰত 'অসমীয়া বিষয়' সকলোৱে বাধ্যতামূলকভাবে অধ্যয়ন কৰিব লাগিব স্পষ্টকৈ উল্লেখ কৰিছে ছেবা কৰ্তৃপক্ষই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 14, 2021, 22:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।