প্ৰথমবাৰলৈ ছেবাত নতুন সংযোজন, মেট্ৰিকৰ পিছত ছেবাই পাতিব ‘দিশা’

News18 Assam | News18-Assam
Updated:January 27, 2020, 3:02 PM IST
প্ৰথমবাৰলৈ ছেবাত নতুন সংযোজন, মেট্ৰিকৰ পিছত ছেবাই পাতিব ‘দিশা’
কেৱল মেট্ৰিকৰ পৰীক্ষাৰ্থীয়ে নহয়, নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীয়েও বহিব পাৰিব পৰীক্ষাত।

কেৱল মেট্ৰিকৰ পৰীক্ষাৰ্থীয়ে নহয়, নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীয়েও বহিব পাৰিব পৰীক্ষাত।

  • Share this:
প্ৰথমবাৰলৈ ছেবাৰ নতুন সংযোজন। মেট্ৰিকৰ পিছত ছেবাই অনুষ্ঠিত কৰিব Psychometric test। মেট্ৰিকৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে কি শাখাত পঢ়িব, সেই বিষয়ে জানিবলৈ অনুষ্ঠিত কৰা হ’ব এই পৰীক্ষা। ছেবাৰ অধীনত থকা ৬,৯৯২ খন বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীয়ে অনলাইনযোগে কৰিব পাৰিব আবেদন।

কেৱল মেট্ৰিকৰ পৰীক্ষাৰ্থীয়ে নহয়, নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীয়েও বহিব পাৰিব পৰীক্ষাত। ১ মাৰ্চত হ’বলগীয়া এই পৰীক্ষাৰ নাম দিয়া হৈছে ‘দিশা’। আজিৰে পৰা ৬ ফেব্ৰুৱাৰীলৈ ছাত্ৰ ছাত্ৰীয়ে কৰিব  পাৰিব প্ৰ–পত্ৰ পূৰণ। ২ ঘণ্টাৰ পৰীক্ষাত থাকিব ১৮২টা প্ৰশ্ন।পৰীক্ষাৰ শেষত পৰীক্ষাৰ্থীক ছেবাই প্ৰদান কৰি  ২ পেজৰ ৰিপ’ৰ্ট।

এই পৰীক্ষাৰ জড়িতে ছাত্ৰ–ছাত্ৰীয়ে নিজৰ ভিতৰত থকা সম্ভাৱনীয়তা বিষয়ে আভাস পাব। এই পৰীক্ষাৰ প্ৰশ্নসমূহ হ’ব অতি সাধাৰণ। প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কোনো ধৰণৰ অধ্যায়নৰ প্ৰয়োজন নহ’ব বুলি জনাইছে ছেবাই। প্ৰ–পত্ৰ পূৰণৰ মাচুল মাত্ৰ ১০০ টকা।
আৰু চাওক
পৰৱৰ্তী বাতৰি