HSLC Exam : কোভিডৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু SEBA
এনেবোৰ পৰিস্থিতিৰ মাজেৰে কোভিডৰ প্ৰটকল মানি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হৈছে ছেবা।
এনেবোৰ পৰিস্থিতিৰ মাজেৰে কোভিডৰ প্ৰটকল মানি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হৈছে ছেবা।
- News18 Assam
- Last Updated: April 11, 2021, 12:48 PM IST
১১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া পৰীক্ষাৰ বাবে ইতিমধ্যে অনলাইনযোগে ঘোষণা কৰা হৈছে ৰুটিন। কোভিডৰ মাজত কেনেদৰে সাজু হৈছে পৰীক্ষাৰ বাবে, এই সম্পৰ্কত ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে কয়, ‘‘১১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে। এইবাৰ মুঠ ৪ লাখ ৩৬ হাজাৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব।কোভিডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি অতিৰিক্ত কেন্দ্ৰ বৃদ্ধি কৰিছো। ইয়াৰ উপৰি ৬৪টা নতুন কেন্দ্ৰ স্থাপন কৰা হৈছে, সৰ্বমুঠ এতিয়ালৈ ৯০টা নতুন কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও ইয়াৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।’’
১২ এপ্ৰিলত হ’বলগীয়া ব’ৰ্ডৰ সভাত এই সিদ্ধান্ত লোৱা হ’ব। ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহলৈ যাৱতীয় সকলো সা-সামগ্ৰী পঠিওৱাৰ কাম আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰ ছেবাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সৰ্বাবধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।












