নৱম আৰু দশম শ্ৰেণীৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল সেইসকলৰ বাবে বিশেষ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ছেবাই। সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ছয় মাহিলী পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই। কেৱল ইমানেই নহয় ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত অনুত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জাননী জাৰি কৰিছে।
“২০২১ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নৱম আৰু দশম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব পৰা নাছিল। যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল সেইসকলৰ বাবে বিশেষ ছয় মাহিলী পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। লগতে মেট্ৰিক আৰু হাইমাদ্ৰাছ পৰীক্ষাত অনুতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবেও পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।,” ছেবাই জাননীত এইদৰে উল্লেখ কৰে।
ডিচেম্বৰ মাহৰ ১৫ তাৰিখৰ ভিতৰত ছয় মাহিলী পৰীক্ষা সমূহ অনুষ্ঠিত কৰা হোৱাৰ কথা প্ৰকাশ কৰা হৈছে। আনহাতে, যিসকল দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ছয় মাহিলী পৰীক্ষা দিয়া নাই সেইসকল ছাত্ৰ-ছাত্ৰীক ২০২২ বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ অনলাইন প-পত্ৰ পুৰণ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলিও ছেবাই জনায়।
উল্লেখযোগ্য যে কোভিডৰ বাবে যোৱাবাৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে।এই বৰ্ষত অৰ্থাৎ ২০২২ বৰ্ষত অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে ছেবাই।
Read all
News in Assamese ,
Assam News Today ,
Entertainment News in Assamese ,
Business News in Assamese ,
Sports News in Assamese ,
Health News in Assamese ,
India News in Assamese Published by: Himangshu Bhuyan
First published: November 28, 2021, 13:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|