প্ৰথমবাৰৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদৰ (SEBA)ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল বাণিজ্য বিষয়

এই পাঠ্যপুথিৰ জৰিয়তে একাউণ্টেন্সী, ইনচুৰেঞ্চ, বেংকিং বিষয়ত আভাস লাভ কৰিব শিক্ষাৰ্থীয়ে৷

News18-Assam
Updated:September 27, 2019, 1:31 PM IST
প্ৰথমবাৰৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদৰ (SEBA)ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল বাণিজ্য বিষয়
Photo : vimocafe.com
News18-Assam
Updated: September 27, 2019, 1:31 PM IST
প্ৰথমবাৰৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদৰ (SEBA)ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল বাণিজ্য বিষয়। ২০২০ শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বাণিজ্য বিষয়ক গ্ৰহণ কৰিব পাৰিব ঐচ্ছিক বিষয় হিচাপে। একেদৰে ২০২১ চনত দশম শ্ৰেণীতো অন্তৰ্ভুক্ত হ’ব বাণিজ্য বিষয়। আজি An Introduction to Commerce শীৰ্ষক পাঠ্যপুথি উন্মোচন কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মাধ্যমিক শিক্ষা পৰিষদৰ উদ্যোগত গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত এক বিশেষ সভাত উন্মোচন হয় পাঠ্যপুথিখন৷

এই পাঠ্যপুথিৰ জৰিয়তে একাউণ্টেন্সী, ইনচুৰেঞ্চ, বেংকিং বিষয়ত আভাস লাভ কৰিব শিক্ষাৰ্থীয়ে৷ অনুষ্ঠানত শিক্ষা বিভাগৰ বিষয়া, SEBAৰ বিষয়ববীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে৷ এই নতুন বিষয়ক লৈ ৫ দিনীয়া এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে।

অৱশ্যে নতুন বাণিজ্য বিষয়ৰ শিক্ষক নিয়োগৰ ক্ষেত্ৰত কোনো পদক্ষেপ নাই ৰাজ্য চৰকাৰৰ৷ পূৰ্বে নিয়োজিত কলা, বিজ্ঞান শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰি নতুন পাঠ্যক্ৰমৰ পাঠাদান কৰাৰ কথা চিন্তা–চৰ্চা কৰিছে মাধ্যমিক শিক্ষা পৰিষদে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি