ৰাজ্যৰ কলেজসমূহত অহা বছৰৰ পৰা নাথাকে উচ্চতৰ মাধ্যমিক শাখা। এই কথা জানিবলৈ দিয়ে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াই।

বিষয়াগৰাকীয়ে লগতে কয় যে, চৰকাৰে ইতিমধ্যে ৫৬খন CBSEৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰিছে। মুকলি কৰা হ’ব এনে ৭০খন মডেল স্কুল। আনকি জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, ডন বস্ক’ আদিক একাদশ, দ্বাদশ শ্ৰেণী মুকলি কৰাৰ নিৰ্দেশ দিছে চৰকাৰে।
ইফালে ২০২৩ চনলৈ একত্ৰিত হ’ব অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। সেইদৰে ২০২৩ চনত শেষবাৰৰ বাবে HSLC পৰীক্ষা অনুষ্ঠিত হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য কৰাৰ দিশত এনেবোৰ পদক্ষেপ। জানিবলৈ দিছে শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|