অসমত বাতিল হ'ল ২০২১ বৰ্ষৰ HSLC আৰু HS চূড়ান্ত পৰীক্ষা, দীঘলীয়া বৈঠকৰ পিছত ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে
অসমত বাতিল হ'ল ২০২১ বৰ্ষৰ HSLC আৰু HS চূড়ান্ত পৰীক্ষা, দীঘলীয়া বৈঠকৰ পিছত ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে
উৎকণ্ঠাৰ অন্ত পৰিল! অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰা হ'ল। শুকুৰবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। লগতে শিক্ষামন্ত্ৰীয়ে জনাই যে, ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৰ নম্বৰৰ ভিত্তিত মূল্যাংকন কৰি অহা ৩১ জুলাইৰ পূৰ্বে শিক্ষা সংসদ আৰু ছেবাই ঘোষণা কৰিব ফলাফল।
পৰিক্ষা যিহেতু বাতিল হ'ল গতিকে এতিয়া পৰিক্ষাৰ্থী সকলক কেনেধৰণে মূল্যাংকন কৰা হ'ব? তাৰ বাবে শনিবাৰে দুখন কমিটী গঠন কৰি দিব চৰকাৰে। পৰীক্ষা নহ'ল যদিও দুয়োখন কমিটীয়ে তৈয়াৰ কৰা মডেলিটীৰ ভিত্তিত অহা ৩১ জুলাইৰ পূৰ্বে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব।
আজিৰ বৈঠকত স্বাস্থ্য বিভাগে শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এখন প্ৰেজেণ্টেশ্যন দিয়ে। আৰু কোৰোণা পৰিস্থিতিৰ বাবে জুলাই মাহলৈকে কোনো কাৰণতে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নহ'ব বুলি জনাই দিয়ে।
বৈঠকত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰে। আৰু ৰাজ্যৰ বৰ্তমানৰ কোভিড পৰিস্থিতিৰ বাবেই সকলোৰে সহমতত চৰকাৰে ২০২১ বর্ষৰ হাইস্কুল স্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|