ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত(HSLC) আৰু হাই মাদ্ৰাছাৰ ফলাফল(result)। দিনৰ ১১ বজাত ঘোষণা কৰা হ’ল ফলাফল। Covidৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে এইবাৰ বিকল্প পদ্ধতিৰে মূল্যায়ন পদ্ধতিৰ জৰিয়তে ফলাফল ঘোষণা কৰিছে ছেবাই। ৰাজ্যত এইবাৰ মেট্ৰিক উত্তীৰ্ণৰ হাৰ অভিলেখ সংখ্যক ৯৩.১০ শতাংশ।
সেইদৰে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৪,২৬,৫৫৩গৰাকী পৰীক্ষাৰ্থী। তাৰে ভিতৰত উত্তীৰ্ণ হৈছে ৩,৯৭,১৩২ গৰাকী পৰীক্ষাৰ্থী। পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিকল্প পদ্ধতিকে মূল্যাংকন কৰা এইবাৰৰ মেট্ৰিকৰ ফলাফলত নাই 'ষ্টেণ্ড'। ২০২১ৰ মেট্ৰিক পৰীক্ষাত ১০,৩৪৮ জন পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন নম্বৰ লাভ কৰাৰ বিপৰীতে ২০,০৯২ জনে লাভ কৰিলে ষ্টাৰ মাৰ্ক।
ডিষ্টিংচন নম্বৰ লাভ কৰা সৰ্বমুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ছোৱালীৰ সংখ্যা ৫,৫৫১গৰাকী। আনহাতে ষ্টাৰমাৰ্ক লাভ কৰা ছোৱালী পৰীক্ষাৰ্থীৰ সংখ্যা ১০,৭৫৮গৰাকী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|