ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত(HSLC) আৰু হাই মাদ্ৰাছাৰ ফলাফল(result)। দিনৰ ১১ বজাত ঘোষণা কৰা হ’ল ফলাফল। Covidৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে এইবাৰ বিকল্প পদ্ধতিৰে মূল্যায়ন পদ্ধতিৰ জৰিয়তে ফলাফল ঘোষণা কৰিছে ছেবাই। ৰাজ্যত এইবাৰ মেট্ৰিক উত্তীৰ্ণৰ হাৰ অভিলেখ সংখ্যক ৯৩.১০ শতাংশ।
ঘোষণা কৰা ফলাফল অনুসৰি বিশ্বনাথ জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বোচ্চ ৯৯.৪০ শতাংশ। আনহাতে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হোজাই জিলাত। হোজাই জিলাত উত্তীৰ্ণৰ হাৰ ৮৩.৪৯ শতাংশ। সেইদৰে উত্তীৰ্ণৰ হাৰৰ তালিকাত দ্বিতীয় স্থানত আছে বাক্সা জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ ৯৮.৯১ শতাংশ।
উল্লেখ্য যে, এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৪,২৬,৫৫৩ জন পৰীক্ষাৰ্থী। আনহাতে হাই মাদ্ৰাছাত অৱতীৰ্ণ হৈছিল ১২,২৭৫ জন পৰীক্ষাৰ্থী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|