Assam Assembly Election 2021: কমলপুৰ, বঢ়মপুৰ, লখিমপুৰ বিজেপিৰ হাতলৈ! কোন সমষ্টিত কোনে পাব বিজেপি মিত্ৰজোঁটৰ টিকট?

News18 Assam | News18-Assam
Updated:March 4, 2021, 1:36 PM IST
Assam Assembly Election 2021: কমলপুৰ, বঢ়মপুৰ, লখিমপুৰ বিজেপিৰ হাতলৈ! কোন সমষ্টিত কোনে পাব বিজেপি মিত্ৰজোঁটৰ টিকট?
এতিয়ালৈকে চুড়ান্ত হৈছে বিজেপি মিত্ৰজোঁটৰ এইসকলৰ প্ৰাৰ্থীত্ব!

এতিয়ালৈকে চুড়ান্ত হৈছে বিজেপি মিত্ৰজোঁটৰ এইসকলৰ প্ৰাৰ্থীত্ব!

  • Share this:
বিজেপি মিত্ৰজোঁটৰ নিমিলা অংক! কোন সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে আৰু কোন কেইটা সমষ্টি এৰিদিব মিত্ৰ শক্তিক? এইলৈ এতিয়া বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে ঘনে ঘনে বৈঠকত বহিছে অগপৰ নেতৃত্ব। কিন্তু আমাৰ হাতত আহি পৰা তথ্য মতে, এইবাৰ নিৰ্বাচনত অগপৰ হাতৰ পৰা বিজেপিয়ে কাঢ়ি আনিব তিনিটা বিশেষ সমষ্টি। সেইকেইটা সমষ্টি হ'ল- লখিমপুৰ, কমলপুৰ আৰু বঢ়মপুৰ।

ইয়াৰে বঢ়মপুৰ সমষ্টি বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দখলত আছে। আনহাতে লখিমপুৰ সমষ্টি প্ৰাক্তন মন্ত্ৰী উৎপল দত্তৰ দখলত আছে। সেইদৰে কমলপুৰ সমষ্টি সত্যব্ৰত কলিতাৰ দখলত আছে। কিন্তু অগপৰ দখলত থকা এই তিনিওটা সমষ্টিত এইবাৰ বিজেপিয়ে দিব নিজা প্ৰাৰ্থী।

আমাৰ হাতত পৰা তথ্য মতে, এতিয়ালৈকে চুড়ান্ত হৈছে বিজেপি মিত্ৰজোঁটৰ এইসকলৰ প্ৰাৰ্থীত্বঃ

বটদ্ৰবা- আঙুৰলতা ডেকা
পূব গুৱাহাটী- সিদ্ধাৰ্থ ভট্টাচাৰ্য
পশ্চিম গুৱাহাটী- ৰমেন্দ্ৰ নাৰায়ণ কলিতা(অগপ)
দিছপুৰ- অতুল বৰা

নলবাৰী-  জয়ন্ত মল্ল বৰুৱা
মাৰ্ঘেৰিটা- ভাস্কৰ শৰ্মা
যোৰহাট- হিতেন্দ্ৰ নাথ গোস্বামী
বোকাজান- নোমল মোমিন

হোজাইত এইবাৰ টিকট লাভৰ আশা ক্ষীণ শিলাদিত্য দেৱৰ। কিন্তু বঢ়মপুৰত বিজেপিৰ জিতু গোস্বামীয়ে টিকট লাভ কৰাৰ সম্ভাৱনা প্ৰৱল। সেইদৰে লখিমপুৰত বিজেপিৰ মানৱ ডেকা আৰু কমলুপুৰত বিজেপিৰ দিগন্ত কলিতাই টিকট লাভ কৰিব পাৰে।

আনহাতে বৰ্তমান বিজেপিৰ দখলত থকা হাজো সমষ্টি এইবাৰ এৰি দিব অগপক। লগতে ৰহা, আমগুৰি,  বকো আৰু ছয়গাওঁ সমষ্টিত অগপই আগবঢ়াব পাৰে প্ৰতিদ্বন্দিতা।
Published by: Himangshu Bhuyan
First published: March 4, 2021, 1:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি