বিধানসভাত ভূমিপুত্ৰ জনগোষ্ঠীৰ বাবে লাগে সংৰক্ষণ!

দেওবাৰে সংবাদমেল অনুষ্ঠিত কৰি ২১ টা জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চই কৰিলে দাবী

News18-Assam
Updated:August 4, 2019, 10:11 PM IST
বিধানসভাত ভূমিপুত্ৰ জনগোষ্ঠীৰ বাবে লাগে সংৰক্ষণ!
দেওবাৰে সংবাদমেল অনুষ্ঠিত কৰি ২১ টা জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চই কৰিলে দাবী
News18-Assam
Updated: August 4, 2019, 10:11 PM IST
বিধানসভাত ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ বাবে থাকিব লাগে সংৰক্ষিত আসন। দেওবাৰে সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ ২১ টা জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চই তুলিলে এই দাবী। অসম চুক্তিৰ ৬নং দফা, বিধানসভাত আসন সংৰক্ষণ আৰু উচ্চ সদন ব্যৱস্থা প্ৰৱৰ্তনৰ সম্পৰ্কত ২১টা জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চ ‘জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমে’ দেওবাৰে সংবাদমেল সম্বোধন কৰি চৰকাৰৰ আগত তুলিলে এই দাবী।

সংবাদমেল সম্বোধন কৰি পৰিষদৰ আহ্বায়ক মুমিনুল আৱালে কয় যে, অসম চুক্তিৰ দ্বাৰা ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অসমত অবৈধভাৱে প্ৰৱেশ কৰা প্ৰায় ৫০ লাখ মানুহক নাগৰিকত্ব প্ৰদান কৰা হ’ল কিন্তু অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলৰ সমস্যাৰ আজিলৈকে সমাধান নহ’ল।

সংবাদমেলত সংগঠনটোৱে অসম চুক্তিত সন্নিবিষ্ট ৬নং দফা অনুসৰি অসম চুক্তিৰ দ্বাৰা ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহক সাংবিধানিক সুৰক্ষা কবচ প্ৰদান কৰিব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। লগতে ৬নং দফা ৰূপায়ণৰ বাবে ভিত্তি বছৰৰ সলনি অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীৰ ভিত্তিত সাংবিধানিক সুৰক্ষা কবচ প্ৰদান কৰিব লাগে।

অসম চুক্তিৰ দ্বাৰা প্ৰায় ৫০ লাখৰো অধিক লোকক নাগৰিকত্ব প্ৰদান কৰাত  অসমৰ ধুবুৰী, মানকাচাৰ, গোৱালপাৰা, বৰপেটা, নগাঁও, মৰিগাঁও, দৰং  জিলাৰ ভূমিপুত্ৰ জনগোষ্ঠীসমূহ বিশেষভাৱে ক্ষতিৰ সন্মুখীন হৈছে তাৰে ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা কোঁচ-ৰাজবংশী, দেশী, তিৱা, ৰাভা আদি জনগোষ্ঠীয় লোকৰ বাবে উক্ত জিলাসমূহৰ বিধানসভাৰ আসনসমূহ অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীসমূহ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে বুলি মুমিনুল আৱালে সংবাদ মাধ্যমৰ সমুখত ব্যক্ত কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি