গুৱাহাটীৰ কেইবাটাও অঞ্চল হ’ব পাৰে কনটেইমেন জ’ন।
গুৱাহাটীৰ কেইবাটাও অঞ্চল হ’ব পাৰে কনটেইমেন জ’ন।
গুৱাহাটীঃ ফাঁচীবজাৰৰ ৰাজকমল হোটেলৰ সমীপত কাম কৰা বিদ্ধেশ্বৰ ঠাকুৰ নামৰ এজন নাপিত COVID-19 আক্ৰান্ত হোৱাৰ পিছতে প্ৰশাসনে নাপিতজনৰ ওচৰত সেৱা গ্ৰহণ কৰি প্ৰতিজন ব্যক্তিৰ সন্ধান তীব্ৰতৰ কৰিছে। কোৰোণা পজিটিভ নাপিতজনৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিৰ সন্ধান চলোৱা হৈছে। নাপিত বিদ্ধেশ্বৰ ঠাকুৰে ফাঁচিবজাৰৰ হোটেল ৰাজকমলৰ তলত ফুটপাথত বহি চুলি কাটিছিল। আনহাতে, কুমাৰপাৰা নাৰ্ছি হোমৰ পিছফালৰ গলিটোৰ ভাৰাঘৰতে বাস কৰে নাপিতজন। ইতিমধ্যে সমগ্ৰ গলিটো কনটেইনমেইন্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে আৰু নাপিতজনৰ ভাৰাঘৰত উপস্থিত হয় চিকিৎসা বিভাগৰ লোক। বিদ্ধেশ্বৰ থকা ঘৰটোৰ ৪৪জনৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷ হোম কোৱাৰাইন্টানৰ নিৰ্দেশ দিয়া হৈছে আটাইকেইজনক ৷ নাপিতজনে আন ৪জন সহযোগীৰ সৈতে এটা ৰুমতে বাস কৰিছিল ৷ সেই ৪চাৰিজনক MMCH লৈ নিয়া হৈছে।
উল্লেখযোগ্য যে, স্বাস্থ্যমন্ত্ৰীয়ে গুৱাহাটীৰ কুমাৰপাৰা এলেকাৰ লোকক বাহিৰলৈ ওলাই নাযাবলৈ আহ্বান কৰিছে।
‘গুৱাহাটীৰ লোকসকল অতি সাৱধান হোৱা উচিত কাৰণ এজন নাপিত COVID-19 পজিটিভ ওলাইছে।’ স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল।
উল্লেখ্য যে, চৰকাৰে সকলো চেলুন, পাৰ্লাৰ লকডাউনত বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতো গুৱাহাটীৰ এই কোৰোণা পজিটিভ নাপিতজনে চৰকাৰী নিৰ্দেশনা অমান্য কৰি নিজৰ ব্যৱসায় চলাই গৈছিল। গুৱাহাটীৰ নতুনকৈ সংক্ৰমিত ১৫জন লোকৰ মাজত এজন এই নাপিতজন। এই আটাইকেইজনেই সোমবাৰে কোৰোণা পজিটিভ ওলোৱা মুংগু চাহনীৰ সৈতে সম্পৰ্কিত। বহিঃৰাজ্যৰ পৰা আলু কঢ়িওৱা ট্ৰাকৰ ড্ৰাইভাৰৰ সংস্পৰ্শলৈ অহাৰ পিছতে কোৰোণাত আক্ৰান্ত হোৱা চাহনীয়ে এটা আলুৰ গুদামত কাম কৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|