মুখ্যপৃষ্ঠা » খবৰ

» অসম

»হাজোৰ ভেলামাৰীত গৰু চোৰক বিচাৰি ক’লাজল নৈত এছ ডি আৰ এফৰ অভিযান

হাজোৰ ভেলামাৰীত গৰু চোৰক বিচাৰি ক’লাজল নৈত এছ ডি আৰ এফৰ অভিযান

News18 Assam | News18-Assam
Updated:August 2, 2021, 1:18 PM IST
হাজোৰ ভেলামাৰীত গৰু চোৰক বিচাৰি ক’লাজল নৈত এছ ডি আৰ এফৰ অভিযান
শুকুৰবাৰে নিশা সংঘটিত এই ঘটনাৰ পাছতে এতিয়া হাজোৰ ভেলামাৰীৰ ক’লাজল নৈত নিখোজ চোৰক বিচাৰি অগ্নিনিৰ্বাপক বাহিনীয়ে আজি এনেদৰে চলালে অভিযান।

শুকুৰবাৰে নিশা সংঘটিত এই ঘটনাৰ পাছতে এতিয়া হাজোৰ ভেলামাৰীৰ ক’লাজল নৈত নিখোজ চোৰক বিচাৰি অগ্নিনিৰ্বাপক বাহিনীয়ে আজি এনেদৰে চলালে অভিযান।

  • Share this:
হাজোৰ ভেলামাৰীত গুৱাহাটীৰ নিখোজ গৰু চোৰক বিচাৰি ক'লাজল নৈত অগ্নিনিৰ্বাপক বাহিনীৰ অভিযান। শুকুৰবাৰে নিশা হাজোৰ ভেলামাৰীত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ। নিশা ভেলামাৰীৰ স্থানীয় ৰাইজে কৰায়ত্ত কৰিছিল গৰু কঢ়িয়াই এখন চাৰিচকীয়া বাহন। লগতে বাখনখনত উদ্ধাৰ হৈছিল এটা গৰু। ৰাইজে আটক কৰিছিল গুৱাহাটী চানমাৰিৰ বিতোপন বৰা নামৰ এটা গৰু চোৰক। চেগ বুজি বাহনখনৰ পৰা পলায়ন কৰিছিল আন দুটা চোৰে।

শুকুৰবাৰে নিশা সংঘটিত এই ঘটনাৰ পাছতে এতিয়া হাজোৰ ভেলামাৰীৰ ক’লাজল নৈত নিখোজ চোৰক বিচাৰি অগ্নিনিৰ্বাপক বাহিনীয়ে আজি এনেদৰে চলালে অভিযান। মহানগৰীৰ বামুনীমৈদামৰ গণেশনগৰৰ ৰিতুমণি আহমেদ নামৰ নিখোজ চোৰটোৰ পৰিয়ালৰ লোকৰ সন্দেহ, শুকুৰবাৰে নিশা ৰাইজৰ ৰোষৰ পৰা পলাই ক’লাজল নৈত জপিয়াইছিল ৰিতুমণি আৰু হাজোৰ বৰ্ণিৰ ৰাজা নামৰ এটা চোৰে। ৰিতুমণিৰ আহমেদৰ পৰিয়ালৰ সন্দেহ মৰ্মেই আজি স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে ক’লাজল নৈত অব্যাহত ৰাখিছে অভিযান।
Published by: Sanjay Kumar Das
First published: August 2, 2021, 1:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি