মুখ্যপৃষ্ঠা »খবৰ »অসম »অৱশেষত কলং নৈত উদ্ধাৰ হ’ল দুই বন্ধু ত্ৰিদ্বীপ আৰু বিকাশৰ মৃতদেহ, সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ

অৱশেষত কলং নৈত উদ্ধাৰ হ’ল দুই বন্ধু ত্ৰিদ্বীপ আৰু বিকাশৰ মৃতদেহ, সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ

অৱশেষত উদ্ধাৰ হ'ল কলং নৈত নিখোজ হোৱা ত্ৰিদ্বীপ কলিতা(১৩) আৰু বিকাশ বৰা(১৩) নামৰ দুই ছাত্ৰৰ মৃতদেহ।

অৱশেষত উদ্ধাৰ হ'ল কলং নৈত নিখোজ হোৱা ত্ৰিদ্বীপ কলিতা(১৩) আৰু বিকাশ বৰা(১৩) নামৰ দুই ছাত্ৰৰ মৃতদেহ।

অৱশেষত উদ্ধাৰ হ'ল কলং নৈত নিখোজ হোৱা ত্ৰিদ্বীপ কলিতা(১৩) আৰু বিকাশ বৰা(১৩) নামৰ দুই ছাত্ৰৰ মৃতদেহ।

  • Share this:
অৱশেষত উদ্ধাৰ হ'ল কলং নৈত নিখোজ হোৱা ত্ৰিদ্বীপ কলিতা(১৩) আৰু বিকাশ বৰা(১৩) নামৰ দুই ছাত্ৰৰ মৃতদেহ। বুধবাৰে বিয়লি বন্ধুৰ সৈতে কলং নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটা ত্ৰিদ্বীপ কলিতা আৰু বিকাশ বৰা নামৰ দুই ছাত্ৰৰ সন্ধানত এছডিআৰএফে চলাইছিল অভিযান।

বুধবাৰে সন্ধ্যা পৰ্যন্ত অভিযান চলাই এছডিআৰএফে সন্ধান উলিয়াব পৰা নাছিল নিৰুদিষ্ট ছাত্ৰদ্বয়ৰ। উদ্ধাৰ অভিযানত সহায় কৰিছিল ভোটাইগাঁৱৰ স্থানীয় ৰাইজেও। আজি পুৱাৰে পৰা পুনৰ এছডিআৰএফে নিৰুদিষ্ট ছাত্ৰদ্বয়ৰ সন্ধানত আৰম্ভ কৰে উদ্ধাৰ অভিযান। পিছে দিনৰ ১১বজা পৰ্যন্ত ছাত্ৰদ্বয়ৰ কোনো সন্ধান নোলোৱাত ৰাইজে কলং নৈৰ পাৰত অদৃষ্ট জনক সন্তুষ্ট কৰাৰ বাবে আগবঢ়াই গুৱা-বন্তি।

অৱশেষত দুপৰীয়া ১ বজাত উদ্ধাৰকাৰী বাহিনীয়ে ভোটাই গাঁও দলঙৰ সমীপত দুয়োগৰাকী ছাত্ৰৰে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ছাত্ৰকেইগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে কান্দোনৰ ৰোল উঠে আত্মীয় তথা ভোটাইগাঁৱৰ স্থানীয় ৰাইজৰ মাজত। অতি সাধাৰণ পৰিয়ালৰ এই দুগৰাকী কিশোৰৰ মৃত্যুক লৈ সমগ্ৰ নগাঁৱতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে ছাত্ৰ দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

শেহতীয়া বাতৰি