যোৰহাটৰ মাজ মজিয়াত সোমবাৰে দিন দূপৰতে এজাক উদণ্ড লোকে অনিমেশ ভূঞা (Animesh Bhuyan)ক হত্যা কৰিছিল। তাৰ পিছতে সেই নৃশংস হত্যাকাণ্ডৰ মূল খলনায়ক ক'লা গুণ্ডা ওৰফে নীৰজ দাস (Neeraj Das)ৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যবাসীক আহ্লাদিত কৰিছে। এই বাতৰিৰ লগে লগে ভাইৰেল এটা বিশেষ টুইট। এই টুইটটোৰে আছিল নেকি ক'লা গুণ্ডাৰ মৃত্যুৰ সৈতে কিবা সম্পৰ্ক?
আজি পুৱাই ক'লা গুণ্ডাৰ মৃত্যুৰ বাতৰি যিদৰে বনজুইৰ দৰে বিয়পিছিল একেদৰে পুৱাই ভাইৰেল হৈছিল এটা টুইট। নিশা ২ বাজি ২৯ মিনিটত কৰা সেই বিশেষ টুইটে বহন কৰিছিল এক বিশেষ ইংগিত। অসমৰ আইন, শৃংখলা জনিত বিষয় বোৰৰ খবৰ তেওঁ টুইটাৰত ৰাজহুৱা কৰে।
নিশা কৰা সেই টুইটত এনেদৰে লিখা আছিল, ”প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে।- নিউটনৰ তৃতীয় সূত্ৰ।’
হয়, অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (SDGP GP Singh) কৰিছিল সেই টুইটটো। জি পি সিঙৰ এই টুইটটোৰ পিছতে আহিছিল সেই বিশেষ খবৰটো। অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ দুৰ্ঘটনাত মৃত্যু।
যোৰহাটৰ ৰাজপথত দলবদ্ধ আক্ৰমণ কৰি অনিমেশ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল নীৰজ দাস ওৰফে ক'লা গুণ্ডা ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|