• Home
  • »
  • News
  • »
  • assam
  • »
  • চিন্তা নাই! ২০১৮-১৯ আৰু ২০১৯-২০ত উত্তীৰ্ণ ছাত্ৰীয়েও পাব স্কুটী, ডঃ বাণীকান্ত কাকতি আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চিন্তা নাই! ২০১৮-১৯ আৰু ২০১৯-২০ত উত্তীৰ্ণ ছাত্ৰীয়েও পাব স্কুটী, ডঃ বাণীকান্ত কাকতি আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰজ্ঞান ভাৰতী অধীনত ‘ডঃ বাণীকান্ত কাকতি আঁচনি’ৰ জৰিয়তে ৰাজ্যৰ ২২ হাজাৰ ২৪৫ গৰাকী ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী। আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰা হয় আঁচনিখন।

প্ৰজ্ঞান ভাৰতী অধীনত ‘ডঃ বাণীকান্ত কাকতি আঁচনি’ৰ জৰিয়তে ৰাজ্যৰ ২২ হাজাৰ ২৪৫ গৰাকী ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী। আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰা হয় আঁচনিখন।

প্ৰজ্ঞান ভাৰতী অধীনত ‘ডঃ বাণীকান্ত কাকতি আঁচনি’ৰ জৰিয়তে ৰাজ্যৰ ২২ হাজাৰ ২৪৫ গৰাকী ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী। আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰা হয় আঁচনিখন।

  • Share this:
২০২০-২১ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটী প্ৰদান কৰা অনুষ্ঠানৰ শুভাৰম্ভণি। আমিনগাঁৱৰ নুমলী জালাহ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা হয় অনুষ্ঠানৰ। প্ৰজ্ঞান ভাৰতীৰ অধীনত ‘ডঃ বাণীকান্ত কাকতি আঁচনি’ৰ জৰিয়তে ৰাজ্যৰ ২২ হাজাৰ ২৪৫ গৰাকী ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মঞ্চত পাঁচগৰাকী  ছাত্ৰীক প্ৰদান হয় স্কুটি। বাকীসকলক ডিলাৰৰ জৰিয়তে প্ৰদান কৰা হ’ব এই বঁটা। আজি প্ৰথম পৰ্যায়ত কামৰূপ মেট্ৰ’ আৰু কামৰূপ গ্ৰাম্যৰ ছাত্ৰীক প্ৰদান হয় স্কুটী। অন্যান্য জিলাসমূহত ২ আৰু ৩ জানুৱাৰীত প্ৰদান কৰা হ’ব স্কুটী।

উল্লেখযোগ্য যে, একোখন হিৰ’ প্লেজাৰ প্লাছ স্কুটীৰ মূল্য ৬১,৪৯০ টকাৰ পৰা ৬৫,৬৪০ টকা। এই বঁটাৰ বাবে ৰাজ্য চৰকাৰে ধাৰ্য কৰিছে ১৪৪ কোটি টকা। ২০১৮-১৯  আৰু ২০১৯-২০ বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ বঞ্চিত ছাত্ৰীসকলে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত লাভ কৰিব স্কুটী। বঞ্চিত মুঠ ১৫ হাজাৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটী। এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

‘আজি দিনটো আমাৰ সকলোৰে বাবে প্ৰাপ্তিৰ দিন। জন্মভূমিৰ বাবে কাম কৰাৰ সুযোগ। একো একোটা আশীৰ্বাদ, নাৰী শক্তিক সৱলীকৰণ কৰাৰ বাবে আমাৰ চৰকাৰখন হোৱাৰ পিছৰে পৰা চিন্তা চৰ্চা কৰি আহিছে, কিছুদিন পূৰ্বে অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ সৌভাগ্য হৈছিল আমাৰ। ২০১৬-১৯ লৈ  প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে ১০ লাখ ছাত্ৰ-ছাত্ৰীক আমি বিনামূলীয়াকৈ নামভৰ্তি কৰিছো। ক’ভিডৰ মাজতে ৪ লাখ ৭ হাজাৰ ৭৮১ গৰাকী ছাত্ৰ ছাত্ৰীক এই বছৰ বিনামূলীয়াকৈ কলেজত নামভৰ্তি কৰাইছে শিক্ষা বিভাগে।’

‘২০১৮-১৯, ২০১৯-২০ বৰ্ষৰ ছাত্ৰীসকলক ফেব্ৰুৱাৰী মাহত প্ৰথম পাঁচ হাজাৰ ছাত্ৰীক স্কুটী প্ৰদান কৰা হ’ব। ২০১৯-২০ বৰ্ষৰ ১০ হাজাৰ ছাত্ৰীক তাৰে পিছৰ পৰ্যায়ত প্ৰদান কৰা হ’ব স্কুটী। এই চৰকাৰৰ দিনত এতিয়ালৈকে ৪০ হাজাৰ ছাত্ৰী উপকৃত হ’ব এই আঁচনিৰ জৰিয়তে।’- এনেদৰে কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Himangshu Bhuyan
First published: