মুখ্যপৃষ্ঠা »খবৰ »অসম »Dr. Binoy Kumar Saikia: কেৱল শক্তি উৎপাদনতে ব্যৱহাৰ নহ'ব কয়লা, অসমৰ কয়লাৰ পৰা অতি মূল্যৱান পদাৰ্থ আহৰণৰ কৌশল আৱিষ্কাৰ অসমীয়া বিজ্ঞানীৰ

Dr. Binoy Kumar Saikia: কেৱল শক্তি উৎপাদনতে ব্যৱহাৰ নহ'ব কয়লা, অসমৰ কয়লাৰ পৰা অতি মূল্যৱান পদাৰ্থ আহৰণৰ কৌশল আৱিষ্কাৰ অসমীয়া বিজ্ঞানীৰ

 কেঞ্চাৰ ৰোগৰ কোষসমূহ চিনাক্তকৰণৰ ক্ষেত্ৰত কয়লাৰ পৰা উৎপাদন কৰা এই কাৰ্বন কোৱাণ্টাম ডট ব্যৱহাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

কেঞ্চাৰ ৰোগৰ কোষসমূহ চিনাক্তকৰণৰ ক্ষেত্ৰত কয়লাৰ পৰা উৎপাদন কৰা এই কাৰ্বন কোৱাণ্টাম ডট ব্যৱহাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

কেঞ্চাৰ ৰোগৰ কোষসমূহ চিনাক্তকৰণৰ ক্ষেত্ৰত কয়লাৰ পৰা উৎপাদন কৰা এই কাৰ্বন কোৱাণ্টাম ডট ব্যৱহাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

  • Share this:

সমগ্ৰ বিশ্বতে অসমৰ কয়লাক এটা নতুন পৰিচয় দিবলৈ সক্ষম হৈছে এগৰাকী অসমীয়া বিজ্ঞানীয়ে। অসমৰ গুণগত দিশৰ পৰা কম মানৰ কয়লাৰ বিকল্প ব্যৱহাৰৰ ওপৰত চলিছিল এই গৱেষণা। এতিয়াৰে পৰা কেৱল শক্তি উৎপাদনতে ব্যৱহাৰ নহ'ব কয়লা। অতি নিম্ন মানৰ কয়লাৰো থাকিব চাহিদা। কাৰণ অসমৰ কয়লাৰ পৰা কাৰ্বন কোৱান্টাম ডট (Carbon quantum dots) নামৰ পদাৰ্থ আহৰণৰ কৌশল আৱিষ্কাৰ কৰিছে যোৰহাটৰ NEISTৰ বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়াই।


বিশ্বৰ ঔদ্যোগিক ক্ষেত্ৰখনত বহু চাহিদা আছে এই কাৰ্বন ডটৰ । যোৰহাটৰ উত্তৰ–পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়ালৈ গৱেষণাৰ ক্ষেত্ৰত যোগোৱা এই অৰিহণাৰ বাবে বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰখনত ভাৰতৰ সৰ্বোচ্চ সন্মান ৰূপে বিবেচিত শান্তি স্বৰপ ভাটনাগৰ বঁটা আগবঢ়োৱা হৈছে।


বাণিজ্যিক ক্ষেত্ৰখনত বহু মূল্যৱান এই কাৰ্বন ডট ভাৰতে অতি উচ্চ মূল্যত আমেৰিকা, চীন আদি দেশৰ পৰা আমদানি কৰি আহিছে। অসমীয়া বিজ্ঞানীগৰাকীয়ে উদ্ভাৱন কৰা পদ্ধতিৰে কয়লাৰ পৰা নিষ্কাশন কৰা কাৰ্বন ডট অতি উন্নত মানৰ আৰু ইয়াৰ মূল্য বৰ্তমানৰ মূল্যতকৈ প্ৰায় ২০ গুণ কম হ'ব।


ইতিমধ্যে কয়লাৰ পৰা আহৰণ কৰা এই কাৰ্বন ডটৰ পেটেণ্ট লাভ কৰা হৈছে। আনহাতে সমগ্ৰ বিশ্বতে কয়লাৰ পৰা উৎপাদন কৰা এই বিশেষ কাৰ্বন ডটৰ ব্যৱসায়ৰ বাবে আমেৰিকাৰ প্ৰতিষ্ঠান ছিগমা এলড্ৰিকৰ সৈতে এখন বুজাবুজিৰ চুক্তিও হৈ গৈছে । অসমকে ধৰি বিভিন্ন ঠাইৰ অতি কম মানৰ কয়লাৰ পৰাও এই কাৰ্বন ডট আহৰণ কৰিব পৰা যাব বুলি বিজ্ঞানীগৰাকীয়ে জানিবলৈ দিছে।


"কয়লা বিদ্যুৎ শক্তি উৎপাদন তথা উদ্যোগসমূহত শক্তিৰ যোগান ধৰিবলৈ বহুলভাৱে ব্যৱহাৰ কৰা হয় । ইয়াৰ পৰা বহু প্ৰদূষণো হয়। আমি কয়লাৰ বিকল্প ব্যৱহাৰৰ ওপৰত গৱেষণা কৰিছিলোঁ। আৰু অৱশেষত অসমত পোৱা নিম্নমানৰ কয়লাৰ পৰা অতি কম ব্যয় সাপেক্ষে কাৰ্বন কোৱান্টাম ডট নামৰ মেটেৰিয়েলবিধ আহৰণ কৰিবলৈ সক্ষম হ'লোঁ। কাৰ্বন ডটৰ বিশ্বৰ উদ্যোগিক ক্ষেত্ৰখনত বহুত চাহিদা আছে । বায়'চেঞ্চিং , বায়'ইমেজিং , ঔষধ , ফটোভল্টিক ডিভাইছ , অপ্ট'ইলেকট্ৰনিক্সকে ধৰি বিভিন্ন ক্ষেত্ৰত ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়। আমি ইতিমধ্যে ইয়াৰ পেটেণ্ট লাভ কৰিছোঁ আৰু বিশ্বজুৰি ইয়াৰ মাৰ্কেটিঙৰ বাবে আমেৰিকাৰ এটা প্ৰতিষ্ঠানৰ সৈতে এখন চুক্তিও হৈ গৈছে। এই সফলতাৰ বাবে মই চিএছআইআৰ কৰ্তৃপক্ষ আৰু যোৰহাট নিষ্টৰ কৰ্তৃপক্ষক কৃতজ্ঞতা জনাইছোঁ।" –বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়াই এনেদৰে কয়।


আনহাতে কেঞ্চাৰ ৰোগৰ কোষসমূহ চিনাক্তকৰণৰ ক্ষেত্ৰত কয়লাৰ পৰা উৎপাদন কৰা এই কাৰ্বন ডট ব্যৱহাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰাৰম্ভিক গৱেষণাত এয়া প্ৰমাণ হোৱাৰ পিছত বৰ্তমান এই সন্দৰ্ভত বিস্তৃত গৱেষণা আৰম্ভ কৰিবলৈ লোৱা হৈছে।


ড০ শইকীয়া ভাৰত চৰকাৰৰ চিএছআইআৰৰ অধীনস্থ যোৰহাটস্থিত উত্তৰ–পূৰ্বাঞ্চলৰ একমাত্ৰ গৱেষণাগাৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকনলজীৰ দ্ৰব্য বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ পলিমাৰ পেট্ৰ'লিয়াম আৰু কয়লা ৰসায়ন গ্ৰুপত বিজ্ঞানী হিচাপে সেৱা আগবঢ়াই আহিছে। ভাৰত চৰকাৰে আগবঢ়াই অহা শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা তেওঁ অসমৰ পঞ্চমগৰাকী বিজ্ঞানী। ড০ শইকীয়াই অসমতে উচ্চ শিক্ষা গ্ৰহণ কৰি অসমতে গৱেষণাৰ কামত নিয়োজিত হৈ আছিল।

শেহতীয়া বাতৰি