এছঅ'পিৰ সম্পূৰ্ণ নীতি-নিয়মেৰে পাঠদান আৰম্ভ কৰিছে ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয় কতৃপক্ষই । সুদীৰ্ঘ সাত মাহৰ অন্তত বিদ্যালয়লৈ আহি আনন্দিত হৈ পৰিছে ছাত্র-ছাত্ৰীসকল ।
এছঅ'পিৰ সম্পূৰ্ণ নীতি-নিয়মেৰে পাঠদান আৰম্ভ কৰিছে ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয় কতৃপক্ষই । সুদীৰ্ঘ সাত মাহৰ অন্তত বিদ্যালয়লৈ আহি আনন্দিত হৈ পৰিছে ছাত্র-ছাত্ৰীসকল ।
দীৰ্ঘ বিৰতিৰ অন্তত চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ নৱম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া । সুদীৰ্ঘ ৭ মাহে বিদ্যালয়সমুহ বন্ধ হৈ থকাত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ছাত্র-ছাত্ৰীসকল । বিশেষকৈ দৰিদ্ৰ ছাত্র ছাত্ৰীসকলে Android মোবাইল নোহোৱা বাবে অনলাইন পাঠগ্ৰহণৰ পৰা বঞ্চিত হৈছিল । ইয়াৰ উপৰিও বহু অঞ্চলত নেটৱৰ্কৰ অসুবিধাৰ বাবেও ছাত্র ছাত্ৰী সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । এছঅ'পিৰ সম্পূৰ্ণ নীতি-নিয়মেৰে পাঠদান আৰম্ভ কৰিছে ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয় কতৃপক্ষই । সুদীৰ্ঘ সাত মাহৰ অন্তত বিদ্যালয়লৈ আহি আনন্দিত হৈ পৰিছে ছাত্র-ছাত্ৰীসকল ।
সাত মাহৰ বিৰতিৰ অন্তত আজিৰ পৰা পুনৰ পাঠদান পৰ্ব আৰম্ভ হৈছে নৱম শ্ৰেণীৰ । নতুনকৈ পাঠদানৰ আৰম্ভ হোৱাৰ লগে লগে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলক দুটা শাখাত বিভক্ত কৰি পাঠদান কৰা হৈছে । পুৱা ৯.১৫ বজাৰ পৰা ৩.৩০ বজালৈ সম্পূৰ্ণ ৰুটিন অনুসৰি পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । এখন বেঞ্চত দুগৰাকীকৈ ছাত্ৰ অথবা ছাত্ৰীক বহিবলৈ দিয়া হৈছে । ইয়াৰ উপৰিও মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে । যি সকল ছাত্ৰীয়ে মাস্ক পৰিধান কৰা নাই , তেওঁলোকক বিদ্যালয়ৰ তৰফৰ পৰা মাস্ক যোগান ধৰা হৈছে বা সতৰ্কবাণী দি ওভতাই পঠিওৱা হৈছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|