২১ ছেপ্তেম্বৰৰ পৰা খুলিব নালাগে এইসমূহ বিদ্যালয়, আহিব নালাগে শিক্ষক-শিক্ষয়ত্ৰীও

News18 Assam | News18-Assam
Updated:September 17, 2020, 9:00 PM IST
২১ ছেপ্তেম্বৰৰ পৰা খুলিব নালাগে এইসমূহ বিদ্যালয়, আহিব নালাগে শিক্ষক-শিক্ষয়ত্ৰীও
Source-Google

অহা ২১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহত আৰম্ভ হ’ব পাঠদান।

  • News18 Assam
  • Last Updated: September 17, 2020, 9:00 PM IST
  • Share this:
অহা ২১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহত আৰম্ভ হ’ব পাঠদান। যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা বিদ্যালয়সমূহ নতুনকৈ খুলিবলৈ আৰম্ভ কৰাটো বৰ্তমান সময়ত এক অন্যতম প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে। কোৰোণা ভাইৰাছক প্ৰতিহত কৰি পাঠদান আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰে ধাৰ্য কৰি দিছে কেতবোৰ বহু নীতি-নিয়ম।

যিহেতু ২১ তাৰিখৰ পৰা বিদ্যালয় খুলিব, গতিকে তাৰ পূৰ্বে বিদ্যালয়সমূহেও বহু খিনি নিয়ম মানিব লাগিব। কণ্টেইণ্টমেণ্ট জ’নৰ বিদ্যালয় খুলিব নোৱাৰিবআনকি কণ্টেইনমেণ্ট জ’নৰ কোনো বিদ্যাৰ্থী বা শিক্ষক বিদ্যালয়লৈ আহিব নোৱাৰিব। সেইদৰে যিসকল শিক্ষক-শিক্ষয়ত্ৰী জটিল ৰোগ যেনে মধুমেহ, কিডনী ৰোগ, কৰ্কট, হৃদৰোগত আক্ৰান্ত তেওঁলোক আহিব নালাগে বিদ্যালয়লৈ।

ইয়াৰ উপৰিও  যিসমূহ বিদ্যালয় কণ্টেইনমেণ্ট জ’ন হিচাপে ব্যৱহাৰ কৰা হৈছিল, সেই সমূহ বিদ্যালয় বিশেষ ভাবে পৰিষ্কাৰ কৰিব লাগিব। লগতে চেনিটাইজ কৰিব লাগিব। বতৰৰ ওপৰত নিৰ্ভৰ কৰি বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ বাহিৰৰ ঠাই ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাত্‍ খেলপথাৰত, গছৰ তলত আদি ঠাইত। কোনো ধৰণৰ এচেম্বলি, ইভেণ্ট অনুষ্ঠিত কৰিব নোৱাৰিব। বিদ্যালয় সমূহতে পৰ্যাপ্ত পৰিমাণৰ ফেচ মাস্ক, ফেচ ক’ভাৰ, চাবোন, চেনিটাইজাৰ মজুত ৰাখিব লাগিব। পাল্চ অক্সিমিটাৰ থাকিব লাগিব।

কিদৰে প্ৰৱেশ কৰিব লাগিব বিদ্যালয়ত?

  • থাকিব লাগিব প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে বেলেগ বেলেগ পথ।

  • প্ৰৱেশ কৰাৰ সময়ত থাৰ্মেল স্ক্ৰীণিঙৰ ব্যৱস্থা কৰিব লাগিব, চেনিটাইজ কৰিব লাগিব।


  • কোৰোণাৰ লক্ষণ বিহীনলোকহে বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিব লাগিব।

  • বিদ্যালয়ৰ ভিতৰত যেন ভিৰ নহয় সেই দিশ বিদ্যালয়ে নিজে নজৰ দিব লাগিব।

  • যিকোনো লোক বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব।

  • পেঞ্চিল, ৰবৰ, বহী, পানী বটল ছাত্ৰ-ছাত্ৰীয়ে ইজনে সিজনৰ লগত ভাগ-বতৰা কৰিব নোৱাৰিব।

  • বিদ্যালয়ৰ বাছ চলিব। কিন্তু এক তৃতীয়াংশকহে আনিব পাৰিব।


উল্লেখযোগ্য যে, কেৱল নৱমৰ  পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ ব্যৱস্থা কৰা হৈছে। জাৰি কৰা গাইড লাইন ২১ ছেপ্তেম্বৰৰ পৰা ১৫ দিনলৈকে প্ৰযোজ্য হ’ব।
Published by: Himangshu Bhuyan
First published: September 17, 2020, 9:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading