চৰকাৰী বিদ্যালয়সমূহত প্ৰতিবছৰে চৰকাৰৰ ফালৰ পৰা ছাত্ৰ–ছাত্ৰীক বিনামূলীয়া কিতাপ আৰু ইউনিফৰ্ম বিতৰণ কৰা হয়। কিন্তু অসমত বিগত বৰ্ষৰ দৰে এইবাৰো বিদ্যালয়ত নামভৰ্তিৰ সময়ত ছাত্ৰ–ছাত্ৰীক ইউনিফৰ্ম দিয়া নহ’ল। চৰকাৰী বিদ্যালয়সমূহত বহু দুখীয়া ল’ৰা–ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰে। তেওঁলোকৰ বাবে এযোৰ ইউনিফৰ্ম চিলোৱা বা কিনিবলৈ টকাৰ অভাৱ তথা অসুবিধা হয়। কিন্তু দুবছৰ ধৰি ইউনিফৰ্ম নিদিয়াকলৈ বৰ্তমান কেতবোৰ বিতৰ্কৰ সৃষ্টি হৈছে।
আনহাতে, ইউনিফৰ্ম বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে, ‘‘ আমি যোৱা কালি ইউনিফৰ্মৰ কাৰণে টকা মুকলি কৰি দিছোঁ। এতিয়া বিদ্যালয়সমূহৰ পৰিচালনা কমিটিয়ে সেই টকাৰে ছাত্ৰ- ছাত্ৰীৰ বাবে ইউনিফৰ্ম ক্ৰয় কৰিব। মইটো অনুৰোধ কৰিছোঁ ঠিকাদাৰসকলৰ পৰা নহয়, আত্মসহায়ক গোটসমূহৰ পৰা ইউনিফৰ্ম ক্ৰয় কৰক।’’
উল্লেখ্য যে, ১ এপ্ৰিলৰ পৰা অসমত বিদ্যালয়সমূহৰ এই বৰ্ষৰ পাঠ্যক্ৰম আৰম্ভ হ’ব। এফালে মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ বাবে বৃহস্পতিবাৰে ধন আবণ্টন কৰিছে। ইফালে মাত্ৰ এদিন পূৰ্বে ধন দিলে কেনেকৈ এটা ৰাতিতে ইউনিফৰ্ম চিলাই ছাত্ৰ–ছাত্ৰীক দিয়া হ’ব তাকে লৈ বিপক্ষ তথা আন দল–সংগঠনে প্ৰশ্ন উত্থাপন কৰিছে।
এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয় যে, চৰকাৰে ইউনিফৰ্ম পুঁজিপতিৰ ওচৰত দিব বিচাৰিছে। ইয়াৰ প্ৰতিবাদ কৰিব লগাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, ‘‘একে ৰাতিতে ছাত্ৰ ছাত্ৰীয়ে ইউনিফৰ্ম চিলিৱাটো অসম্ভৱ।’’
এতিয়া বিদ্যালয়সমূহৰ পৰিচালনা কমিটিয়ে চৰকাৰে দিয়া ধনেৰে নিজ বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ বাবে ইউনিফৰ্ম ক্ৰয় কৰি সেইবোৰ তেওঁলোকক বিতৰণ কৰিব লাগিব।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 31, 2023, 14:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।