உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Erosion : নৈত জাঁহ গ'ল জীৱন গঢ়াৰ কমাৰশাল, কলগাছিয়াত বেঁকী নদীত বিলীন প্ৰাথমিক বিদ্যালয়।

    Erosion : নৈত জাঁহ গ'ল জীৱন গঢ়াৰ কমাৰশাল, কলগাছিয়াত বেঁকী নদীত বিলীন প্ৰাথমিক বিদ্যালয়।

    বিগত দুটা মাহত গৰাখহনীয়াত ৫০ টাকৈ পৰিয়ালৰ ঘৰ, মাটি-ভেটি, খেতি পথাৰ নদীৰ বুকুত জাঁহ গৈছে।

    বিগত দুটা মাহত গৰাখহনীয়াত ৫০ টাকৈ পৰিয়ালৰ ঘৰ, মাটি-ভেটি, খেতি পথাৰ নদীৰ বুকুত জাঁহ গৈছে।

    বিগত দুটা মাহত গৰাখহনীয়াত ৫০ টাকৈ পৰিয়ালৰ ঘৰ, মাটি-ভেটি, খেতি পথাৰ নদীৰ বুকুত জাঁহ গৈছে।

    • Share this:
    বৰপেটা (Barpeta) জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰীৰ পাহাৰতলি গাঁৱত বেঁকী নদীৰ বিধ্বংসী খহনীয়া (Erosion)ই ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। খহনীয়াত শতাধিক পৰিয়ালৰ ঘৰ, মাটি-ভেটি, শস্য শ্যামলা পথাৰ বেঁকী নদীৰ বুকুত জাঁহ যোৱাৰ লগতে জাঁহ গৈছে গোবিন্দপুৰ পাহাৰ তলীৰ প্ৰাথমিক বিদ্যালয় (Primary School)।

    বেঁকী নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰি খহনীয়াগ্ৰস্ত লোকক পুনৰ  সংস্থাপনৰ ব্যৱস্থা কৰাৰ কাৰণে ৰাইজে দাবী জনাইছে। গৰাখহনীয়াত সৰ্বস্বান্ত লোকক  প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈও চৰকাৰক অনুৰোধ জনাইছে গৰাখহনীয়াত সৰ্বস্বান্তসকলে। বিগত দুটা মাহত গৰাখহনীয়াত ৫০ টাকৈ পৰিয়ালৰ ঘৰ, মাটি-ভেটি, খেতি পথাৰ নদীৰ বুকুত জাঁহ গৈছে।

    সম্প্ৰতি কালৰূপ ধাৰণ কৰা গৰাখহনীয়াই শতাধিক পৰিয়াল, ৰাস্তা ঘাট, শিক্ষা প্ৰতিষ্ঠানলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। বৰপেটা জিলা প্ৰশাসনে যদি পাহাৰতলিৰ গৰাখহনীয়াগ্ৰস্তৰ  কাৰণে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে খহনীয়াগ্ৰস্তই সমূহীয়া আত্ম জাঁহ দিয়াৰ বাদে কোনো বিকল্প নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৰাইজে।
    Published by:Manjumoni Borah
    First published: