কোভিড চেণ্টাৰ হিচাপে ব্যৱহৃত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আজিপৰ্যন্ত স্বাস্থ্য বিভাগে নকৰিলে ছেনিটাইজ।
কোভিড চেণ্টাৰ হিচাপে ব্যৱহৃত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আজিপৰ্যন্ত স্বাস্থ্য বিভাগে নকৰিলে ছেনিটাইজ।
প্ৰায় ছমাহ বিৰতিৰ পিছত চৰকাৰৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যৰে শিক্ষানুষ্ঠানসমূহত সোমবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে পাঠদান। বহু জল্পনা–কল্পনাৰ অন্তত বিদ্যালয়সমূহত আৰম্ভ হৈছে শিক্ষাদান৷ কিন্তু স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা বিদ্যালয়সমূহ কি অৱস্থাত আছে? আজিও চাফ–চিকুণ নকৰিলে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা বিদ্যালয়৷
কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়৷ বিদ্যালয়খনত কোৱাৰেণ্টাইন চেণ্টাৰ আছিল যদিও আজিকোপতি কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকসকলে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বিদ্যালয়তে পৰি ৰৈছে৷ কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকসকলে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বৰ্তমানলৈকে বিদ্যালয়ৰ পৰা উলিয়াই নিয়া হোৱা নাই।
উল্লেখ্য যে কোভিড চেণ্টাৰ হিচাপে ব্যৱহৃত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আজিপৰ্যন্ত স্বাস্থ্য বিভাগে নকৰিলে ছেনিটাইজ। ফলত শংকাত ভুগিছে শিক্ষাৰ্থীসকল। উপায়হীন হৈ বিদ্যালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ ছেনিটাইজ কৰি শিক্ষা বিভাগৰ নীতি–নিৰ্দেশনাৰ লগতে কোভিদ প্ৰট'কল মানি বিদ্যালয়খনত আৰম্ভ কৰা দেখা গৈছে পাঠদান। বিপৰীত ছবি দেখা গ'ল কামপুৰৰ কিছু বিদ্যালয়ত। অভিভাৱকৰ স্বাক্ষৰ নোহোৱাত পাঠদান বন্ধ দক্ষিণ কামপুৰ মধ্য ইংৰাজী বিদ্যালয়ত ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|