যিসময়ত অসম চৰকাৰৰ দ্বাৰা ঘোষিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফলে ৰাজ্যৰ নিবনুৱাসকলৰ মাজৰ আনন্দৰ জোৱাৰ আনিছে সেই সময়তে শিক্ষা বিভাগৰ এক জাননীয়ে চৌদিশে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, চৰকাৰে ৮ হাজাৰ নিয়মীয়া শিক্ষকৰ খালী পদ বাতিল কৰিছে। বিগত ৭ নবেম্বৰত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ হৈ আইএএছ বিষয়া ড০ বিজয় চৌধুৰীয়ে এই কথা এক জাননীযোগে জনায়। এই জাননী অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৪,২৮৫টা পদ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৩৭১৫টা পদ বাতিল কৰা হৈছে। অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত, পৰিশিষ্ট ১ আৰু ২ তালিকা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তথ্য অনুসৰি, সৰ্বশিক্ষা অভিযানৰ অধীনত ৰাজ্যিক পুল শিক্ষা ক্ষেত্ৰত অতিৰিক্ত শিক্ষকৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিত্তীয় ভাৰসাম্যতা বজাই ৰখাৰ বাবে এই চৰকাৰে এই পদক্ষেপ লৈছে।
উল্লেখ্য যে, বিগত ২৬ মে’ ২০২২ তাৰিখে অনুষ্ঠিত এক বৈঠকত মাননীয় কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে। ১১,২০৬ গৰাকী ঠিকাভিত্তিক (কনট্ৰেক্টছুৱেল) শিক্ষক বিত্তীয় ব্যৱস্থাত বিশৃংখল যাতে নহয় তাৰ বাবেই এই পদসমূহ বিলুপ্তি কৰা হৈছে। শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে কয় যে, এই পদসমূহ অপ্রয়োজনীয় আছিল, ভৱিষ্যতে প্ৰয়োজন হ’লে পুনৰ নতুন পদ সৃষ্টি কৰা হ’ব।