যোৱা ২ জুলাইত যোৰহাটৰ বাঘচোং ডনবস্কো স্কুলত সংঘটিত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছিল। যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ তৎপৰতাত স্কুলখনৰ এখন স্কুলবাছ জব্দ কৰাৰ লগতে চালকক কৰায়ত্ত কৰা হৈছিল। কাৰণ অতিমাত্ৰা সুৰাপান কৰি ৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ এখন স্কুলবাছ চলাই নিবলৈ আহিছিল চালকজন।
ইতিমধ্যে পৰিবহণ বিভাগে স্কুলবাছখন জব্দ কৰাৰ লগতে বাছচালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে। ইয়াৰ পিছৰে পৰা এনে চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যোৰহাটৰ জিলা পৰিবহণ বিভাগে।
কিছুদিন পূৰ্বে সুৰাপান কৰি চালকে চলাই যোৱা এখন স্কুলভান দুৰ্ঘটনাত পতিত হৈছিল । তাৰ পিছৰে পৰা সজাগ হৈছিল যোৰহাটৰ পৰিবহণ বিভাগ । যোৰহাটৰ জিলা পৰিবহণ বিষয়াই গোপনে অভিযান চলাই আহিছিল বিদ্যালয়সমূহত নিয়োজিত স্কুলবাছ আৰু স্কুলভানসমূহত।
অসামৰিক পোছাকত চলাই অহা এই অভিযান বৰ্তমানো অব্যাহত আছে। সুৰাপান কৰি স্কুলবাছ অথবা স্কুলভান চলোৱা চালকসকলৰ লগতে বিদ্যালয় কৰ্তৃপক্ষক পুনৰ সকীয়াই দিছে যোৰহাটৰ জিলা পৰিবহণ বিষয়াই। এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিলে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিছে যোৰহাটৰ জিলা পৰিবহণ বিষয়াই।
উল্লেখ্য ইতিমধ্যে বাঘচোং ডনবস্কো স্কুলৰ সুৰাপায়ী চালকৰ ঘটনাটোত যোৰহাটৰ জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা দিয়া এজাহাৰৰ ভিত্তিত সুৰাপায়ী চালক প্ৰদীপ ৰাজবংশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে । তদন্তৰ আওতালৈ আহিছে বাঘচোং ডনবস্কো স্কুল কৰ্তৃপক্ষও। ইতিমধ্যে পৰিবহণ বিভাগে স্কুলবাছখনৰ ওপৰতো কঠোৰ ব্যৱস্থা ল'বলৈ আগবাঢ়িছে ।
উল্লেখ্য , ডনবস্কো স্কুলৰ ৪৩ গৰাকী ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া AS 07 C 8699 নম্বৰৰ স্কুলবাছৰ চালকজনক মাতাল অৱস্থাত কৰায়ত্ত কৰিছিল যোৰহাটৰ পৰিবহণ বিভাগে। ব্ৰেথ এনালাইজাৰৰ ৰিপ'ৰ্টত চালকজনৰ সুৰাপানৰ মাত্ৰা ওলাইছিল ১৬১ ইউনিট , য'ত নেকি সাধাৰণ মাত্ৰা হ'ল ৩০ ইউনিটহে।
" আমাৰ এই অভিযান অব্যাহত থাকিব। কোনো লোকৰ ওচৰত স্কুলবাছ অথবা স্কুলভানৰ ওপৰত এনে কোনো অভিযোগ থাকিলে আমাক পোনপটীয়াকৈ জনাবলৈ আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত আমি অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।" যোৰহাটৰ জিলা পৰিবহণ বিষয়া মণিৰুদ্দিন আহমেদে এনেদৰে কয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|