কোভিড সৃষ্ট পৰিৱেশে পৰ্যটন উদ্যোগৰ প্ৰতিও অশনি সংকেত কঢ়িওৱাৰ সময়তে কৃষি পৰ্যটনৰ জৰিয়তে পৰ্যটন উদ্যোগক আগবঢ়াই নিয়াৰ চিন্তা–চৰ্চা ফল ৰূপে অসমত আৰম্ভ হৈছে এক অভিলাসী কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্প ৰূপায়ণৰ আঁচনি। দেশৰ ভিতৰতে কৃষি শিক্ষা গৱেষণা আৰু কৃষিখণ্ডৰ আনুষংগিক সম্প্ৰসাৰণৰ দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অসম কৃষি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে এই অভিনৱ আঁচনি।
বিশ্ববিদ্যালয়ে ইয়াৰ যোৰহাটস্থিত মূল চৌহদত ৰূপায়ণ কৰিবলৈ লোৱা এই আদৰ্শ কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্পটোৱে কৃষিখণ্ডৰ আনুষংগিক প্ৰায়বোৰ দিশ সামৰি নতুন পৰিক্ৰমাৰ সূচনা কৰাৰ দিশে আগবাঢ়িছে। বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ ভিতৰৰ প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্য পতিত জলাশয় আৰু জান তথা চাহ বাগিচাৰে পৰিবেষ্টিত কাষৰীয়া এলেকাত সুন্দৰ তথা আটকধুনীয়াকৈ আধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি এই অভিলাসী প্ৰকল্প ৰূপায়ণ কৰিবলৈ লোৱা হৈছে, য'ত অন্তৰ্ভুক্ত হ'ব আটকধুনীয়া পুখুৰী, বাগিচা, থলুৱা ফলৰ বাগিচা, ঔষধি উদ্ভিদৰ বাগিচা, নৌকাবিহাৰ, জল অৱসৰ বিনোদন, দেশী–বিদেশী ফুলৰ বাগিচা, সমন্বিত পাম পদ্ধতি, জলক্ৰীড়া তথা জল অৱসৰ বিনোদনৰ স্থান আদি বহুবোৰ চালে চকুৰোৱা সেউজ পদক্ষেপ । যিটো প্ৰকল্পই কৃষি তথা এই দিশৰ লগত জড়িত সকলক অনুপ্ৰাণিত কৰি অধিক আগ্ৰহান্বিত কৰিব বুলি আশা কৰা হৈছে ।
ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অৰ্থসাহায্যৰে প্ৰায় ৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া প্ৰকল্পটোৰ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ক এখন নেক্সট জেনেৰেচন ইউনিভাৰ্চিটি ৰূপে গঢ় দিবলৈ পৰামৰ্শ দিয়ে ।
"মই বিশ্ববিদ্যালয়খনক অসমৰ কৃষকসকলৰ উপযোগী হোৱাকৈ নতুন টেকনলজী উদ্ভাৱনৰ ক্ষেত্ৰত কাম কৰিবলৈ পৰামৰ্শ দিছোঁ। উপাচাৰ্য মহোদয়ে বিশ্ববিদ্যালয়ৰ তাৎক্ষণিক আন্তঃগাঁথনি উন্নয়নৰ বাবে দুশ কোটি টকাৰ অনুদান বিচাৰিছে আৰু খালী হৈ থকা অধ্যাপকৰ পদবীসমূহ পূৰণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। দুয়োটা দিশতে চৰকাৰে সহানুভূতিসহকাৰে বিবেচনা কৰিব।" মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয় ।
পৰম্পৰাগত আৰু আধুনিকতাৰ সংমিশ্ৰণত এই প্ৰকল্পটোৱে কৃষি খণ্ডৰ গৱেষকসকলৰ গৱেষণাৰ বাবে পৰ্যাপ্ত সমল তথা আধাৰ তৈয়াৰ কৰাৰ উপৰি ৰাজ্যৰ কৃষি পৰ্যটন উদ্যোগক নতুন গতি দিব বুলি আশা কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|