খাবলৈ নাই ঘাঁহ... পবিতৰাৰ ভোকাতুৰ এশিঙীয়া গঁড়ে ধাপলি মেলিছে ৰেঞ্জাৰৰ চোতাললৈ

একাংশ উদণ্ড লোকে এশিঙীয়া গঁড়সহ কাজিৰঙাৰ বন্যাৰ্ত জীৱকুলৰ কাৰণে বিপদ নমাই অনাৰ সময়ত এই কেন্দ্ৰৰ সহৃদয়ৱানসকলে দেখুৱাইছে মানৱীয়তাৰ উৎকৃষ্ট উদাহৰণ।
বানে তাণ্ডৱ চলোৱা পবিতৰাত এদিন পুৱা লগত এটি কণমানি পোৱালি লৈ চৰি ফুৰা এটা গঁড়ে বহু প্ৰশ্নৰ উদয় কৰিছে । পবিতৰা অভয়াৰণ্যৰ ৰেঞ্জাৰ তথা বনকৰ্মীসকলে তেওলোকৰ আৱাসিক অঞ্চলৰ বেৰাৰ গেটসমূহ সেয়েহে খোলা ৰাখিবলৈ লৈছে যাতে ভোকত থকা গঁড়সমূহে চৌহদৰ ঘাঁহনিলৈ আহি ভোক নিবাৰণ কৰিব পাৰে।
- News18 Assam
- Last Updated: July 27, 2020, 12:01 PM IST
"প্ৰথমবাৰৰ বাবে এজনী গঁড় তাইৰ পোৱালিটোৰ সৈতে আমাৰ ইমান কাষলৈ আহিলে । যোৱা শুক্ৰবাৰে আমাৰ ওচৰৰ পৰা প্ৰায় ১০ ফুট নিলগত দুৱাৰমুখত আহি উপস্থিত হৈছিল গড়জনী । তাহাঁতি মোৰ চোতালত বৰষুণৰ ফলত বেছিকৈ বাঢ়ি যোৱা ঘাঁহবোৰৰ মাজত চৰি আছিল । প্ৰথমবাৰৰ বাবে পোৱালি থকা এজনী গঁড় জনসমাগমৰ ইমান ওচৰলৈ অহা প্ৰত্যক্ষ কৰিলে বনকৰ্মীসকলে। বিগত কেইবাসপ্তাহ ধৰি পবিতৰাৰ ঘাঁহনিসমূহ বাঢ়নি পানীত ডুব গৈ আছে । ", ৰেঞ্জাৰ মুকুল তামুলীয়ে এনেদৰে কয় ।

অসমত এইবছৰ হোৱা প্ৰলয়ংকাৰী বানত শতাধিক লোকৰ প্ৰাণহানি হৈছে আৰু ৰাজ্যৰ ২৫ খন জিলাৰ ৫০ লাখৰো অধিক মানুহ ক্ষতিৰ সন্মুখীন হৈছে । ইয়াৰ মাজতে বান বিধ্বস্ত অভয়াৰণ্যখনৰ তামূলডুবি , বঙালডুবি আৰু টুপলুঙকে ধৰি প্ৰায় সকলো বনশিৱিৰলৈ বানৰ বাবে যাতায়ত কৰাটো বনৰক্ষীসকলৰ বাবে অতিকৈ কষ্টকৰ হৈ পৰিছে।
"গঁড়বোৰ আমাৰ নিজৰ ঠাইলৈ এনেদৰে অহাটো এক আনন্দৰ কথা । আমি সেয়েহে আমাৰ চৌহদৰ বেৰাৰ গেটসমূহ খোলা ৰাখিছো যাতে এই সময়ত গঁড়বোৰ চৌহদৰ ঘাঁহনিলৈ আহি ঘাঁহ খাব পাৰে । আমি লগতে বিভিন্ন ঠাইৰ পৰা সতেজ ঘাঁহ আনি চৌহদত পেলাই থৈছো যাতে গঁড়বোৰে আহি খাব পাৰে ।", পবিতৰা অভয়াৰণ্যৰ ৰেঞ্জাৰ মুকুল তামুলীয়ে এনেদৰে কয়।

পবিতৰা অভয়াৰণ্যৰ কাৰ্যালয় চৌহদলৈ আহি পোৱালিৰ সৈতে এজনী গঁড়ে চৰি ফুৰা দৃশ্যই বহুতৰে দৃষ্টি আকৰ্ষণ কৰে । " এইটো এটা গম্ভীৰ সমস্যা", অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ( বন্যপ্ৰাণী ) আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন এম কে যাদৱে এনেদৰে কয় । "প্ৰথমবাৰৰ বাবে আমি গঁড়বোৰক এনেদৰে বাহিৰৰ পৰা ঘাঁহ আৰু খাদ্য যোগান ধৰিছো । " ২৬ জুলাইৰ পুৱা আমি নাৱেৰে সতেজ ঘাঁহ কঢ়িয়াই নি বানত ডুব গৈ থকা অভয়াৰণ্যখনৰ হাইলেণ্ডসমূহত আবদ্ধ হৈ থকা গঁড়বোৰক খাদ্যৰ বাবে যোগান ধৰিছো । পশুপালন বিভাগৰ পৰা যোগান ধৰা নেপিয়াৰ ঘাঁহ আৰু দল ঘাঁহ গঁড়বোৰৰ পচন্দৰ নহয় যদিও আমি মেনেজ কৰিব লগা হৈছে ।" , অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনগৰাকীয়ে আৰু কয় ।
গুৱাহাটীৰ পৰা মাত্ৰ ৪৫ কিলোমিটাৰ নিলগত মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ বানপানীপ্ৰৱণ এলেকাত অৱস্থিত এই পবিতৰা অভয়াৰণ্য । পবিতৰা প্ৰথমে এখন গৰুৰ চৰনীয়া পথাৰ আছিল আৰু ই নগাঁও জিলাৰ অন্তৰ্গত আছিল । ১৯৬১-৬২ চনত ইয়াত এশিঙীয়া গঁড় প্ৰত্যক্ষ কৰাৰ পিছতে ই চৰ্চালৈ আহিছিল । সেই সময়ত কিছু সংখ্যক গঁড় লাওখোৱা আৰু ওৰাঙ অভয়াৰণ্যৰ পৰা ওলাই আহি ইয়াত থাকিবলৈ লৈছিল । ৩৮.৮৩ বৰ্গকিলোমিটাৰ জোৰা তেনে দুখন সংৰক্ষিত চৰনীয়া পথাৰক ১৯৭১ চনত সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষণা কৰা হয় । ১৯৮৭ চনত ১৬ বৰ্গ কিলোমিটাৰ অঞ্চলৰ পবিতৰাক অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয় । বৰ্তমান এই অভয়াৰণ্যখনৰ চৌপাশে মুঠ ২০ খন ৰাজহ গাঁও আছে ।
"পবিতৰাৰ বাবে আশংকা হৈ পৰা কথাটো হল গঁড়ৰ প্ৰজননৰ বাবে অভয়াৰণ্যখনৰ ভিতৰত ঠাইৰ অভাৱ হোৱাটো । তথ্য অনুসৰি পবিতৰাৰ গঁড়সমূহে প্ৰজনন সম্বন্ধীয় সমস্যাত ভুগিছে । ১৯৯৮ চনত ৰজামায়ঙ সংৰক্ষিত বনাঞ্চল পাহাৰটো পবিতৰা অভয়াৰণ্যত সংযোগ কৰা হৈছিল । কিন্তু ১১ বৰ্গমিটাৰ জোৰা এই " খাছ" ভূমিখিনি যি দুয়োখন অভয়াৰণ্যক সংযোগ কৰিছে সেয়া যেন কেৱল কাগজে-পত্ৰইহে বনবিভাগৰ অধীনলৈ আহিল। কিন্তু কাৰ্যক্ষেত্ৰত এই মাটিখিনি আমাৰ অধীনত নাই । সেয়েহে গঁড়বোৰ ৰজামায়ঙ পাহাৰ অভয়াৰণ্যলৈ যাব পৰা নাই । ইয়াৰ ফলত পবিতৰাত গঁড়ৰ ঘনত্বও বৃদ্ধি পাইছে । গঁড়ৰ বিচৰনস্থলি কমি যোৱাৰ ফলত ই গঁড়ৰ প্ৰজনন প্ৰক্ৰিয়াত প্ৰভাৱ পেলাইছে ফলত প্ৰভাৱ পৰিছে গড়ৰ সংখ্যা বৃদ্ধিতো ।" , অসমৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ( বন্যপ্ৰাণী ) আৰু মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন এম কে যাদৱে এনেদৰে কয় । এই সন্দৰ্ভত মৰিগাঁৱৰ উপায়ুক্তলৈ বহুকেইখন পত্ৰ প্ৰেৰণ কৰা হল যদিও আজিলৈকে কাৰ্যত একো হৈ নুঠিল বুলি জানিবলৈ দিয়ে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনগৰাকীয়ে ।

এশিঙীয়া গঁড়ৰ উপৰিও পবিতৰা অভয়াৰণ্যত নাহৰফুটুকী , বনৰীয়া মেকুৰী , লতামাকৰি , বনৰীয়া মহ , বনৰীয়া গাহৰি চীনা বনৰৈ আদি বিভিন্ন জীৱজন্তু পোৱা যায় । এই অভয়াৰণ্যখন প্ৰায় ৩৭৫ বিধ প্ৰজাতিৰ পৰিভ্ৰমী আৰু থলুৱা চৰাইৰ বিচৰণভূমি । ইয়াৰে ১৪ বিধ চৰাইৰ নাম ইণ্ডিয়ান ৰেড ডাটাত অন্তৰ্ভুক্ত । ২৭ টা প্ৰজাতিৰ সৰীসৃপ , ৯টা প্ৰজাতিৰ উভচৰ প্ৰাণীৰ বাসস্থান হৈছে পবিতৰা অভয়াৰণ্য । পবিতৰা অভয়াৰণ্যই গঁড়ৰ ধাৰণ ক্ষমতা অতিক্ৰম কৰিছে । সেয়েহে পবিতৰা হৈ পৰিছে গঁড়ৰ বাবে পৃথিৱীৰ আটাইতকৈ বেছি ঘনবসতি পূৰ্ণ অভয়াৰণ্য ।