মাজুলীৰ সত্ৰত চৰকাৰী পুঁজিৰ অবাধ লুন্ঠন, নিউজ18ৰ জৰিয়তে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান গড়মুৰ সত্ৰাধিকাৰৰ

গুডাম ঘৰত পৰিণত সত্ৰৰ সামগ্ৰী সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা সংগ্ৰহালয়।

News18
Updated:September 26, 2019, 1:08 PM IST
মাজুলীৰ সত্ৰত চৰকাৰী পুঁজিৰ অবাধ লুন্ঠন, নিউজ18ৰ জৰিয়তে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান গড়মুৰ সত্ৰাধিকাৰৰ
গুডাম ঘৰত পৰিণত সত্ৰৰ সামগ্ৰী সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা সংগ্ৰহালয়।
News18
Updated: September 26, 2019, 1:08 PM IST
গৌতম বৰা, যোৰহাট: একাংশ চৰকাৰী বিষয়াৰ লোলুপ দৃষ্টিৰ পৰা সাৰি নগ'ল সত্ৰপীঠ মাজুলীৰ সত্ৰসমূহ। মাজুলীৰ সত্ৰটো চৰকাৰী পুঁজিৰ মুকলি লুন্ঠন। NEWS18ৰ অনুসন্ধানত ফাদিল হৈছে মাজুলীৰ সত্ৰত চলা চৰকাৰী লুন্ঠনৰ গোপন অধ্যায়। মাজুলীৰ চাৰিসত্ৰৰ অন্যতম গড়মুৰ সত্ৰলৈ বিগত ৫ বছৰ ধৰি আৰ্থিক সাহাৰ্য প্ৰদান কৰা নাই চৰকাৰে। ফলত সত্ৰ পৰিচালনা কৰাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। পূৰ্বৰ সত্ৰাধিকাৰে চৰকাৰী পুঁজিৰ ব্যয়ৰ হিচাপ দাখিল নকৰা বাবেই বছৰি পাব লগা চৰকাৰী আৰ্থিক সাহাৰ্যৰ পৰা বঞ্চিত হৈ আছে ঐতিহাসিক সত্ৰখন। এই সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে গড়মুৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীয়ে। চৰকাৰী ধন লুণ্ঠন তথা চৰকাৰী সাহায্যৰ অভাৱত এতিয়া ভাবুকিৰ সৃষ্টি হৈছে সত্ৰসমূহৰ। মাজুলীৰ গড়মুৰ সত্ৰত বিজ্ঞানসন্মতভাৱে ঐতিহাসিক আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণ কৰি ৰাখিবৰ বাবে বহু লাখ টকা ব্যয় কৰি চৰকাৰে নিৰ্মাণ কৰিছিল এটা মিউজিয়াম। কিন্তু এই মিউজিয়াম নিৰ্মাণত চলোৱা লুন্ঠনৰ ফলত বৰ্তমান পৰিত্যক্ত গুদামলৈ পৰ্যবসিত হৈছে। ভৱনটোত নাই বিদ্যুতৰ ব্যৱস্থা। কোটি টকীয়া আপুৰুগীয়া সামগ্ৰী সংৰক্ষণ কৰিবলৈ নিৰ্মাণ কৰা মিউজিয়ামটোত নাই কোনো উপযুক্ত নিৰাপত্তা ব্যৱস্থা। সেয়েহে বৰ্তমান সত্ৰখনৰ আপুৰুগীয়া বহু সম্পদ গোপন স্থানত ভৰাই থ'বলৈ বাধ্য হৈছে হৈছে সত্ৰ কৰ্তৃপক্ষ।
আৰু চাওক পৰৱৰ্তী বাতৰি