কোৱাৰানটাইন চেণ্টাৰত খাদ্য যোগানৰ নামত দুৰ্নীতি, ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ বিধায়ক

টকা আত্মসাৎ কৰাৰ অভিযোগ।
ৰাজ্য চৰকাৰৰ পৰা কোৱাৰান্টাইনত থকা প্রতিজন ব্যক্তিৰ বাবে দৈনিক খাদ্যৰ বাবে দিয়া হৈছে ৫০০ টকাকৈ। সেইমতে কাছাৰ কৰিমগঞ্জৰ লগত ৰাজ্যৰ আন আন জিলাত প্রতিজন ব্যক্তিক ৫০০ টকাৰ হিচাপত খাদ্য বস্তু দিয়া হৈছে। কিন্তু হাইলাকান্দি জিলা ইয়াৰ বিপৰীত।
হাইলাকান্দি জিলাৰ কোৱাৰান্টাইনত থকা ব্যক্তি সকলক মুঠ ২৯০ টকাৰ খাদ্যদ্রব্য দিয়াৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক গৰাকীয়ে। বিধায়ক লস্কৰৰ অভিযোগ, লালাৰ ৩টা কোৱাৰানটাইন চেন্টাৰত খাদ্যদ্ৰব্য দিয়াৰ টেণ্ডাৰ লাভ কৰিছিল নিৰ্মল চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যবসায়ীয়ে।